অসম

assam

ETV Bharat / bharat

Manipur Violence : মণিপুৰত NSCN কেডাৰসহ ৪ উগ্ৰপন্থী গ্ৰেপ্তাৰ - Operation in Manipur

আৰক্ষীৰ মতে ইম্ফল-পশ্চিম, ইম্ফল-পূব, বিষ্ণুপুৰ, থৌবাল আৰু কাকচিং জিলাৰ দুৰ্গম অঞ্চলত চলা অভিযানত আৰক্ষীয়ে ৪ উগ্ৰপন্থীসহ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ।

Manipur Violence
মণিপুৰত NSCN কেডাৰসহ ৪ উগ্ৰপন্থী গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 12:30 PM IST

নেশ্যনেল ডেস্ক,২৯ আগষ্ট :মণিপুৰত পুনৰ গ্ৰেপ্তাৰ হৈছে উগ্ৰপন্থী সংগঠনৰ দুই সদস্য । আৰক্ষীয়ে মঙলবাৰে কয় যে বিদ্ৰোহী সংগঠন ৰিভলিউচনৰী পিপলছ ফ্ৰণ্ট (RPF/PLA), নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালিম ইচাক-মুইভা (NSCN-IM) এটাকৈ সদস্য আৰু কাংলেইপাক কমিউনিষ্ট পাৰ্টিৰ (KCP) ২টা অভাৰ-গ্ৰাউণ্ড ৱৰ্কাৰক অভিযানৰ সময়ত গ্ৰেপ্তাৰ হৈছে ।

আৰক্ষীয়ে জনোৱা মতে ইম্ফল-পশ্চিম, ইম্ফল-পূব, বিষ্ণুপুৰ, থৌবাল আৰু কাকচিং জিলাৰ প্ৰান্তীয় আৰু দুৰ্গম অঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে । আৰক্ষীয়ে বিবৃতিত কৈছে যে ইম্ফল-পূব আৰু বিষ্ণুপুৰ জিলাৰ পৰা তালাচী অভিযানৰ সময়ত ৬ টা অস্ত্ৰ, ৫ টা গোলাবাৰুদ আৰু ২ টা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । লগতে আৰক্ষীয়ে উগ্ৰপন্থী কেইটাক গ্ৰেপ্তাৰ কৰিছে ।

ইফালে উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে মণিপুৰৰ হিংসাৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (চিবিআই)ৰ দ্বাৰা তদন্ত কৰি থকা অপৰাধমূলক গোচৰৰ বিচাৰ অসমৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাৰ বিচাৰপীঠে কয় যে মণিপুৰৰ উপত্যকা আৰু পাহাৰ ক্ষতিগ্ৰস্ত হৈছে আৰু কোনে অধিক কষ্ট পাইছে তাৰ ভিতৰলৈ যাব নোৱাৰে কিয়নো দুয়োটা সম্প্ৰদায়তে ভুক্তভোগী আছে ।

বিচাৰপীঠে কয় যে ভুক্তভোগী আৰু সাক্ষীসকলে গুৱাহাটীৰ আদালতলৈ শাৰীৰিকভাৱে অহাৰ সলনি মণিপুৰত তেওঁলোকৰ ঘৰৰ পৰা ভাৰ্ছুৱেলী সাক্ষ্য দিব পাৰিব । আদালতে মণিপুৰৰ সামগ্ৰিক পৰিৱেশ আৰু অপৰাধী ন্যায় প্ৰশাসনৰ এক নিৰপেক্ষ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি গোচৰবোৰৰ বিচাৰৰ ওপৰত কেইবাটাও নিৰ্দেশনা প্ৰদান কৰিছে ।

উল্লেখ্য যে যোৱা ৩ মে'ৰ পৰা মণিপুৰৰ পৰিস্থিতি ভয়ংকৰ হৈ আছে । দুটা সম্প্ৰদায়ৰ মাজৰ হিংসাই ৰাজ্যখনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে । ১০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছে । শ শ লোক গৃহহীন হৈ পৰিছে । ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনীয়ে দিনে নিশাই ৰাজ্যখনত অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Heroin seized: ১০ লক্ষাধিক নগদ ধনসহ হেৰ’ইন জব্দ

ABOUT THE AUTHOR

...view details