নিউজ ডেস্ক, 30 জুন:গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত এতিয়াও বলি আছে অশান্তিৰ বতাহ ৷ তাৰ মাজতেই মণিপুৰত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে সাক্ষাৎ কৰে ৰাজ্যপাল অনুসূয়া উইকীক ৷ বৃহস্পতিবাৰেই মণিপুৰত উপস্থিত হোৱা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীক ভ্ৰমণত বাধা প্ৰদান কৰে নিৰাপত্তাৰক্ষীয়ে ৷
ৰাজ্যপালক সাক্ষাতৰ পাচতে ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মণিপুৰে শান্তি বিচাৰে ৷ ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে নিজৰ সামৰ্থৰে সকলোখিনি কৰিব বুলিও কয় ৰাহুল গান্ধীয়ে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে সংঘৰ্ষজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিবলৈ গৈছে ৰাহুল গান্ধী ৷ শুকুৰবাৰে ইম্ফলত ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰে গান্ধীয়ে ৷
সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ কয়, মণিপুৰক শান্তি লাগে ৷ মই মোৰ সামৰ্থৰে শান্তি প্ৰতিষ্ঠাৰ বাবে যি পাৰো কৰিম ৷ মই সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰিছোঁ ৷ তাত বহুতো সমস্যা আৰু অভাৱ দেখিছোঁ ৷ চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল’ব লাগে ৷ মই মণিুপৰত পুনৰ শান্তি প্ৰতিষ্ঠা হোৱাতো বিচাৰোঁ ৷
ৰাজ্যপালক সাক্ষাতৰ পূৰ্বে ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ সংঘৰ্ষপীড়িত লোকসকলে আশ্ৰয় গ্ৰহণ কৰা শিবিৰসমূহ পৰিদৰ্শন কৰে ৷ লোকসকলৰ সৈতে কথা পাতি তেওঁলোকৰ অভাৱ-অভিযোগ আৰু স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় ৰাহুল গান্ধীয়ে ৷ এটা ইনষ্টাগ্ৰাম পোষ্টত কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰিছে যে, এই হিংসাৰ ফলত নিজৰ আপোনজন আৰু ঘৰ-বাৰী হেৰুওৱা লোকসকলৰ দুৰ্দশা দেখি-শুনি হৃদয়ে হাহাকাৰ কৰি উঠিছে ৷ ‘‘মই লগপোৱা সকলো ককাই-ভনী আৰু শিশুৰ মুখত উজলি উঠিছে এধানি সহায়ৰ বাবে আতুৰতা ৷’’