অসম

assam

Manipur violence : মেইটেই, কুকি আৰু নগাৰ মাজত ক্ষমতাৰ ভাগ বতৰা কৰাৰ পৰামৰ্শ সুগত বসুৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 1:57 PM IST

মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ মাজত ক্ষমতাৰ ভাগ বতৰা কৰিলেহে পৰিস্থিতি সুস্থিৰ হ'ব বুলি দাবী কৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভতিজা তথা সাংসদ সুগত বসুৰ । নেতাজীৰ ইণ্ডিয়ান নেশ্যনেল আৰ্মীত তিনিওটা সম্প্ৰদায়ৰ অংশগ্ৰহণৰ কথাও উল্লেখ কৰে বসুৱে ।

Manipur violence
মেইটেই, কুকি আৰু নগাৰ মাজত ক্ষমতাৰ ভাগ বতৰা কৰাৰ পৰামৰ্শ সুগত বসুৰ

নেশ্যনেল ডেস্ক,১ অক্টোবৰ :যোৱা ৩ মে'ৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । মণিপুৰৰ পৰিস্থিতি সম্পৰ্কে এইবাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভতিজা অধ্যাপক সুগত বসুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ ৰাজ্যখনৰ পৰিস্থিতি অতি দুখজনক বুলি অভিহিত কৰিছে । যাৰ বাবে তেওঁ উত্তৰ-পূবৰ ৰাজ্যখনত এক ন্যায়সঙ্গত ক্ষমতাৰ ভাগ-বতৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় । তেওঁৰ মতে ৰাজ্যখনৰ তিনিওটা সম্প্ৰদায় ক্ৰমে মেইটেই, কুকি আৰু নগাসকলক একেখন মঞ্চত আনিবলৈ ক্ষমতাবোৰ ভগাই দিব লাগে ।

লোকসভাৰ সাংসদ বসুৱে এক সাক্ষাৎকাৰত কয় যে তিনিওটা সম্প্ৰদায়ৰ সদস্যই ১৯৪৪ চনত নেতাজীৰ আইএনএত যোগদান কৰিছিল আৰু উন্নত ভাৰতৰ স্বাৰ্থত বিষ্ণুপুৰ আৰু উখৰুল জিলাৰ যুদ্ধক্ষেত্ৰত কান্ধত কান্ধ মিলাই যুঁজ দিছিল । বসুৰ মতে তিনিওটা সম্প্ৰদায়ক পুনৰ একত্ৰিত কৰিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে অতীতৰ সশস্ত্ৰ সংগ্ৰামৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণৰ জৰিয়তে আকৰ্ষণ কৰিব লাগিব ।

উল্লেখ্য যে মেইটেই ৰাজ্যখনৰ জনসংখ্যাৰ ৫৩ শতাংশ আৰু তেওঁলোকৰ বেছিভাগ ইম্ফল উপত্যকাত বাস কৰে । জনজাতীয় নগা আৰু কুকিসকল জনসংখ্যাৰ আন ৪০ শতাংশ আৰু ইম্ফলৰ চাৰিওফালৰ পাহাৰীয়া জিলাসমূহত বাস কৰে । সাংসদ বসুৰ মতে মণিপুৰৰ পৰিস্থিতি সঁচাকৈয়ে ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে দুখজনক । তেওঁৰ মতে এনে ধৰণৰ ৰাজনৈতিক খেল বন্ধ হ'ব লাগে ।

লক্ষণীয়ভাৱে যোৱা প্ৰায় ৫ মাহ ধৰি মেইটেই আৰু কুকি সম্প্ৰদায়ে সংঘৰ্ষত লিপ্ত হৈছে । যাৰ ফলত ১৭৫ গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে । হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে আৰু শৰণাৰ্থী শিবিৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে ।

মণিপুৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ বসুৱে কয় যে মণিপুৰে উত্তৰ-পূবৰ বাকী অংশৰ সৈতে কেন্দ্ৰক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মাত মাতিব লাগে । তেওঁ উল্লেখ কৰে যে কুকি, মেইটেই আৰু নগা সম্প্ৰদায়ৰ বহু সংখ্যক যুৱকে আইএনএত ইম্ফল অভিমুখে যাত্ৰাত যোগদান কৰিছিল । এই স্বেচ্ছাসেৱী সৈনিকসকলৰ ভিতৰত ১৫ গৰাকী মণিপুৰী যুৱক আৰু দুগৰাকী মহিলাই ৰেঙ্গুনলৈ ঘূৰি যোৱাৰ সময়ত আন আইএনএ সৈন্যৰ সৈতে যোগদান কৰিছিল । তেওঁলোকে অভিজ্ঞ ব্ৰিটিছ সৈন্যৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দিছিল ।

বসুৱে লগতে কয় যে মণিপুৰৰ এই স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত অন্যতম এম কইৰেং সিং স্বাধীনতাৰ পাছত মণিপুৰৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল । প্ৰায় ৮০ বছৰ পূৰ্বে আইএনএৰ অগ্ৰগতি ত্ৰিমুখী আছিল য'ত কৰ্ণেল ইনায়াত জান কিয়ানিৰ নেতৃত্বত গান্ধী ব্ৰিগেড ইম্ফলৰ পূৱত পালাল আৰু টেংনুপালৰ পাহাৰলৈ স্থানান্তৰিত হৈছিল । কৰ্ণেল শ্বাহ নৱাজ খানে সুভাষ ব্ৰিগেডক উখৰুললৈ লৈ গৈছিল, আনহাতে কৰ্ণেল শৌকত মালিকে বাহাদুৰ দলটোক ইম্ফল চহৰৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ দূৰত বিষ্ণুপুৰ জিলাৰ মইৰাঙলৈ লৈ গৈছিল ।

কৰ্ণেল শৌকত মালিকে ১৯৪৪ চনৰ ১৪ এপ্ৰিলত কইৰিং সিং আৰু মণিপুৰী মুছলমান নকী আহমেদ চৌধুৰীৰ সহায়ত বিষ্ণুপুৰ জিলাৰ মইৰাঙত ত্ৰিৰংগা উত্তোলন কৰিছিল । ইয়াৰ উপৰিও নেতাজী সুভাষ বসুৱে ১৯৪৪ চনৰ জুলাই মাহত কুকি অধ্যুষিত চহৰ চুৰাচান্দপুৰৰ ওচৰত থকা এটা আইএনএ শিবিৰ পৰিদৰ্শন কৰি তেওঁৰ ফ্ৰণ্টলাইন সৈন্যসকলক সাক্ষাৎ কৰিছিল আৰু তাত গাঁওবাসীৰ সৈতে বাৰ্তালাপ কৰিছিল বুলিও নেতাজীৰ ভতিজা সুগত বসুৱে উল্লেখ কৰে ।

লগতে পঢ়ক :Kuki demands Puducherry like UT : পুডুচেৰীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কুকি সংগঠনৰ

ABOUT THE AUTHOR

...view details