অসম

assam

ETV Bharat / bharat

Manipur Violence : থৌবাল জিলাত অস্ত্ৰ লুণ্ঠনৰ চেষ্টা বিফল; নিহত ১ - Assam Rifles in action in Manipur

মণিপুৰৰ থৌবাল জিলাৰ খাংগাবোকত থকা ভাৰতীয় সংৰক্ষিত বেটেলিয়নৰ পৰা অস্ত্ৰ লুটিবলৈ কৰা প্ৰচেষ্টা আজি নিৰাপত্তা বাহিনীয়ে বিফল কৰিবলৈ সক্ষম হয় । এই বিফল প্ৰচেষ্টাৰ সময়ত এজন দুষ্কৃতিকাৰী নিহত হোৱাৰ উপৰি আন কেইজনমান আহত হয় ।

Manipur Violence
Manipur Violence

By

Published : Jul 5, 2023, 10:06 AM IST

নিউজ ডেস্ক, ৫ জুলাই : মণিপুৰৰ থৌবাল জিলাৰ খাংগাবোকত থকা ভাৰতীয় সংৰক্ষিত বেটেলিয়নৰ পৰা অস্ত্ৰ লুটিবলৈ কৰা এটা প্ৰচেষ্টা ৪ জুলাইত নিৰাপত্তা বাহিনীয়ে বিফল কৰে । এক চৰকাৰী বিবৃতিত এই কথা প্ৰকাশ । ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে প্ৰকাশ কৰা অনুযায়ী ঘটনাটোত এজন দুষ্কৃতিকাৰী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয় ।

এই সন্দৰ্ভত স্পিয়াৰ কৰ্পছৰ অফিচিয়েল মিডিয়া হেণ্ডেলে টুইটাৰযোগে কয়, "মণিপুৰৰ থৌবাল জিলাৰ খাংগাবোকত থকা ভাৰতীয় সংৰক্ষিত বেটেলিয়নৰ পৰা অস্ত্ৰ লুটিবলৈ কৰা প্ৰচেষ্টা আজি নিৰাপত্তা বাহিনীয়ে বিফল কৰিবলৈ সক্ষম হয় । এই বিফল প্ৰচেষ্টাৰ সময়ত এজন দুষ্কৃতিকাৰী নিহত হোৱাৰ উপৰি আন কেইজনমান আহত হয় ।"

লগতে কোৱা হৈছে যে জনতাই নিৰাপত্তা বাহিনীৰ চলাচল ৰোধ কৰিবৰ বাবে কৰা পথ অৱৰোধৰ চেষ্টা অসম ৰাইফলছ আৰু ৰেপিড একচন ফ'ৰ্চৰ অতিৰিক্ত বাহিনীয়ে প্ৰতিহত কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । "জনতাই নিৰাপত্তা বাহিনীৰ চলাচল প্ৰতিহত কৰিবলৈ পথ অৱৰোধ কৰিছিল । অৱশ্যে অসম ৰাইফলছ আৰু ৰেপিড একচন ফ'ৰ্চৰ অতিৰিক্ত বাহিনী নিয়োগ কৰি সেয়া প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আৰু নিৰাপত্তা বাহিনীৰ প্ৰচেষ্টাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে ।" টুইটটোত লগতে কোৱা হৈছে ।

ইয়াৰ পূৰ্বে সোমবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ নিৰাপত্তা বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ সংযুক্ত মুখ্য কাৰ্যালয়ৰ এখন বৈঠকত সভাপতিত্ব কৰে । "মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ নিৰাপত্তা বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ আজি মোৰ কাৰ্যালয়ত সংযুক্ত মুখ্য কাৰ্যালয়ৰ এখন বৈঠকত মিলিত হওঁ । ৰাজ্যখনত বিশেষকৈ উপত্যকাটোৰ পাদদেশত হিংসা তৎক্ষণাৎ বন্ধ কৰাটো নিশ্চিত কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে ।" মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰে ।

উক্ত বৈঠকত ৰাজ্য চৰকাৰ, ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে পাহাৰ আৰু উপত্যকা দুয়োটা অঞ্চলতে অবৈধভাৱে স্থাপন কৰা সকলো বাংকাৰ ধ্বংস কৰা হ'ব আৰু ৰাজ্যখনৰ পৰিস্থিতি উন্নতভাৱে নিয়ন্ত্ৰণৰ বাবে পাহাৰত নিৰাপত্তা বাহিনীৰ বাবে পহৰাচকী স্থাপন কৰা হ' ব।

"সময়মতে কৃষিকাৰ্য হাতত লোৱাৰ প্ৰয়োজন আছে । মণিপুৰ ৰাইফলছ আৰু ভাৰতীয় সংৰক্ষিত বাহিনীকে ধৰি প্ৰায় ২০০০ নিৰাপত্তা কৰ্মীক কৃষিকাৰ্য হাতত লোৱা পাহাৰীয়া অঞ্চলৰ কাষৰীয়া ঠাইসমূহত অতিৰিক্ত নিযুক্তিৰ বাবে একত্ৰিত কৰা হৈছে । নিয়োজিত নিৰাপত্তাকৰ্মীসকলে সশস্ত্ৰ দুৰ্বৃত্তই দুয়োটা সম্প্ৰদায়ৰ কৃষকৰ ক্ষেত্ৰত কৰিব পৰা গণ্ডগোল প্ৰতিৰোধ কৰিব ।" মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় ।

উল্লেখ্য যে অনুসূচিত জনজাতিৰ তালিকাত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে আয়োজন কৰা এক সমদলৰ সময়তে যোৱা ৩ মে'ত মণিপুৰত জাতিগত হিংসাৰ সূত্ৰপাত হয় । এই সংঘাত বিগত দুমাহ ধৰি চলি আছে ।

লগতে পঢ়ক :Rock Crushes Cars in Nagaland: ভয়াবহ! পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিলে মুহূৰ্ততে চুৰ্চুমৈ কৰিলে বাহন

ABOUT THE AUTHOR

...view details