নেশ্যনেল ডেস্ক, 12 জুলাই:মণিপুৰৰ ৩১ জনীয়া বিধায়কৰ এটা দলে সৰ্বসন্মতিক্ৰমে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্যখনত পুনৰ শান্তি স্থাপনৰ বাবে একত্ৰিতভাৱে আহ্বান জনাইছে ৷ বুধবাৰে মণিপুৰৰ তথ্য আৰু জনসম্পৰ্ক বিভাগৰ এক বিবৃতিত প্ৰকাশ কৰা হৈছে এই তথ্য ৷
বিবৃতি অনুসৰি, বিধায়কসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক নৱম গোটৰ অসম ৰাইফলছ, ২২ তম গোটৰ অসম ৰাইফলছ আৰু ৩৭ তম গোটৰ অসম ৰাইফলছৰ সলনি অন্যান্য কেন্দ্ৰীয় সুৰক্ষা বাহিনী মণিপুৰত নিয়োজিত কৰাৰ বাবে আহ্বান জনাইছে ৷ ৰাজ্যৰ ঐক্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বিধায়কসকলে আহ্বান জনাইছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷
‘‘অসম ৰাইফলছৰ কিছুমান গোটে পালন কৰা ভূমিকা সম্পৰ্কে উদ্বেগ আছে, যি বৰ্তমান ৰাজ্যখনৰ ভিতৰত একতাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে,’’ বিবৃতিটোত লগতে কোৱা হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান জনাই দাখিল কৰা প্ৰতিবেদনখনত বিধায়কসকলে বিগত 5 জুলাইত চুৰাচান্দপুৰত অনুষ্ঠিত শান্তি মাৰ্চৰ সময়ত আগ্নেয়াস্ত্ৰ আৰু গোলাবাৰুদৰ ৰাজহুৱা প্ৰদৰ্শনৰ ওপৰত তদন্ত কৰাৰ বাবে কোৱা হৈছে ৷