নেশ্যনেল ডেস্ক,২ জুলাই :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰো তেওঁৰ এই ভ্ৰমণক লৈ উদ্বিগ্ন হোৱা দেখা গৈছে । যাৰ বাবে ৰাহুল গান্ধীক বিভিন্ন স্থান পৰিদৰ্শনৰ বাবেও বাধা প্ৰদান কৰিছিল চৰকাৰে । ইয়াৰ মাজতে মণিপুৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী লিচাংথেম চুচিন্দ্ৰো মেইটেইৰ বিস্ফোৰক মন্তব্য ।
ৰাহুল গান্ধীৰ ভ্ৰমণক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দুদিনীয়া ভ্ৰমণৰ পাছত মণিপুৰত হিংসা বৃদ্ধি পাইছে । কংগ্ৰেছকে ধৰি একাংশ বিৰোধী দলে এই হিংসাৰ পৃষ্ঠপোষকতা কৰিছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁৰ মতে যোৱা কেইদিনমানত ৰাজ্যখনত কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলৰ বাবে চলি থকা হিংসা বৃদ্ধি পাইছে ।
মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ অভিযোগ কৰা মতে ৰাহুল গান্ধীৰ দ্বাৰা প্ৰৰোচিত হিংসাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলৈ ওলাইছিল । তেওঁ লগতে দাবী কৰে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটৰ সকলো সদস্য আৰু বিধায়কৰ সৈতে আলোচনা কৰাৰ পাছত ৰাহুল গান্ধীৰ দ্বাৰা সংঘটিত হিংসাৰ ফলতে উদ্বিগ্ন হৈ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল । মুখ্যমন্ত্ৰীয়ে আনকি পদত্যাগপত্ৰও প্ৰস্তুত কৰিছিল ।