নিউজ ডেস্ক, 2 মে’: পুনৰ অশান্তজৰ্জৰ মণিপুৰ (Manipur violence again) ৷ মণিপুৰত শেহতীয়াকৈ হিংসাত্মক পৰিস্থিতি শাম কটা বুলি ঘোষণা কৰা পিচতেই পুনৰ মণিপুৰত পুনৰাবৃত্তি হৈছে হিংসাত্মক ঘটনা ৷ মণিপুৰত সোমবাৰে ইম্ফলৰ নিউ লাম্বুলেন অঞ্চলত দুৰ্বৃত্তই পৰিত্যক্ত বাসগৃহসমূহ জ্বলাই দিয়ে ৷
সূত্ৰৰ পৰা জানিব পৰা অনুসৰি দুৰ্বৃত্তই অঞ্চলটোৰ চাৰিটা ঘৰত অগ্নিসংযোগ কৰিছিল ৷ সম্প্ৰতি অঞ্চলটোত অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে ৷ এই ঘটনাৰ পূৰ্বে এজন বন্দুকধাৰী লোকে প্ৰথমে নিউ চেকন অঞ্চলৰ কিছু দোকানৰ মালিকক তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ ভাবুকি দিছিল । দোকানসমূহ বন্ধ কৰাৰ পিচতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷
এই ঘটনাৰ পিচতে এতিয়া ৰাজ্যখনত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা 26 মে’লৈ বৃদ্ধি কৰিছে ৷ ইম্ফলত পূৰ্বে বিয়লি 4 বজালৈ শিথিল কৰা সান্ধ্যআইন এই ঘটনা সংঘটিত হোৱাৰ পিচত দুপৰীয়া 1 বজাৰ পিছত পুনৰ জাৰি কৰা হয় । প্ৰায় এমাহ ধৰি জাতিগত সংঘৰ্ষক লৈ উত্তাল হৈ আছে মণিপুৰ । চলিত মাহৰ আৰম্ভণিতে পাহাৰীয়া ৰাজ্যখনত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ যোৱা ৩ মে’ত মেইটেইসকলে অনুসূচিত জনজাতিৰ মৰ্যাদাৰ বাবে কৰা দাবীৰ প্ৰতিবাদত সংহতি পদযাত্ৰাৰ আয়োজন কৰিছিল কুকি জনজাতীয় লোকসকলে ।