নিউজ ডেস্ক, 11 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে হিংসাই আৱৰি ৰখা মণিপুৰক নিজৰ কলিজাৰ টুকুৰা (Jigar Ka Tukda) বুলি অভিহিত কৰি কয় যে অতি সোনকালে প্ৰগতিৰ পথত আগবাঢ়িব পৰা উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হ’ব ।
"উত্তৰ-পূব আমাৰ 'জিগৰ কা টুকড়া' । মণিপুৰৰ সমস্যাসমূহ এনেদৰে উপস্থাপন কৰা হৈছে যেন এয়া অতি শেহতীয়াভাৱেহে পৰা আৰম্ভ হৈছে ।" সংঘাতপূৰ্ণ উত্তৰ-পূবৰ ৰাজ্যখনৰ জনসাধাৰণক তেওঁ আশ্বাস দিয়ে যে, অতি সোনকালে শান্তি ঘূৰি আহিব ৷ কাৰণ চৰকাৰে অভিযুক্তক শাস্তি প্ৰদানৰ বাবে সকলোধৰণৰ চেষ্টা চলাইছে ।
“দেশ আপোনাৰ লগত আছে; এই সংসদ আপোনালোকৰ লগত আছে । আমি একেলগে এই প্ৰত্যাহ্বানৰ সমাধানৰ উপায় বিচাৰিম, অতি সোনকালে পুনৰ শান্তি প্ৰতিষ্ঠা হ’ব । মই মণিপুৰবাসীক আশ্বাস দিছো যে, ৰাজ্যখনে পুনৰ প্ৰগতিৰ সাক্ষী হ’ব ।’ এই মন্তব্য মোদীৰ ।
লগতে প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ জনসাধাৰণৰ আস্থা লাভৰ বাবে সকলো বিৰোধী দলকে সামূহিক প্ৰচেষ্টাত জড়িত হ’বলৈ আহ্বান জনাই আৰু উত্তৰ-পূব ৰাজ্যখনৰ এনে পৰিস্থিতিৰ ৰাজনৈতিক লাভালাভ অন্বেষণ নকৰিবলৈ কয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মণিপুৰত শান্তি ঘূৰাই অনা আৰু তাত স্বাভাৱিক পৰিস্থিতি সৃষ্টি কৰিবলৈ বিৰোধীক ‘একেলগে কাম’ কৰিবলৈ কয় ।
"মই সংসদৰ সাংসদসকলক এই সময়ৰ মূল্য বুজিবলৈ অনুৰোধ কৰিব বিচাৰিছোঁ । আহক আৰু একেলগে আগবাঢ়ি যাওক । এই দেশত আগতেও অধিক গুৰুতৰ ঘটনা হৈ আহিছে, কিন্তু আমি একেলগে কাম কৰাৰ উপায় বিচাৰি পালোঁ । আহক আমি একত্ৰিত হওঁ । মণিপুৰৰ মানুহক আত্মবিশ্বাসেৰে আগুৱাই লৈ যাওক । ৰাজনীতি কৰাৰ বাবে মণিপুৰৰ সুবিধা নল’ব । মণিপুৰত যি হৈছে সেয়া দুৰ্ভাগ্যজনক । তেওঁলোকৰ যন্ত্ৰণা বুজক আৰু ইয়াক নিৰাময়ৰ বাবে কাম কৰক । এইটোৱেই আমাৰ একমাত্ৰ উপায় হ’ব লাগে ।’’ এইদৰে প্ৰধানমন্ত্ৰী মোদীয়ে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ ওপৰত প্ৰদান কৰা নিজৰ ভাষণ সামৰণি মাৰে ৷