নিউজ ডেস্ক, ৮ জুন :মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত (Manipur Violence) জাৰি কৰা ইণ্টাৰনেট নিষেধাজ্ঞা ১০ জুনলৈ বৃদ্ধি কৰিছে কৰ্তৃপক্ষই (Manipur Internet ban extended till June 10) । উল্লেখ্য, ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ৰাজ্য চৰকাৰক জনসাধাৰণৰ সুবিধাৰ বাবে এই সেৱা পুনৰ প্ৰৱৰ্তনৰ বিষয়ে বিবেচনা কৰিবলৈ কোৱাৰ পিছতো চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে (Manipur State Human Rights Commission) । ৰাজ্যখনত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাৰ মাজতে মণিপুৰ চৰকাৰে ১০ জুনৰ আবেলি ৩ বজালৈকে ইণ্টাৰনেট সেৱা স্থগিত ৰখা সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে (Manipur govt extended internet ban) ।
উল্লেখ্য, ৰাজ্যখনত ইণ্টাৰনেট নিষেধাজ্ঞাৰ সম্প্ৰসাৰণ সত্ত্বেও, সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন জোৱান নিহত হোৱাৰ লগতে মঙলবাৰে পুৱতিনিশা কাকচিং জিলাত নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহীৰ এটা দলৰ মাজত সংঘটিত গুলীচালনাত অসম ৰাইফলছৰ দুজন জোৱান আঘাতপ্ৰাপ্ত হয় । মঙলবাৰে পুৱা প্ৰায় ৪.১৫ বজাত সন্দেহযুক্ত কুকি দুৰ্বৃত্তই চেৰৌ প্ৰেক্টিকেল হাইস্কুলত নিয়োজিত বিএছএফ সৈন্যক লক্ষ্য কৰি নিৰ্বিচাৰে আৰু প্ৰচণ্ড গুলীবৰ্ষণ কৰাত এই সংঘৰ্ষৰ সৃষ্টি হৈছিল ।
পৰৱৰ্তী সময়ত নিৰাপত্তা বাহিনীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়াৰ সময়তে কনিষ্টবল ৰঞ্জিত যাদৱ আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক কাকচিঙৰ জীৱন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় । অৱশ্যে তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । আনহাতে, আন এক হৃদয় বিদাৰক ঘটনাত দেওবাৰে সন্ধিয়া মণিপুৰৰ পশ্চিম ইম্ফল জিলাত এখন এম্বুলেন্স জনতাই পথত পেলাই দিয়াৰ ফলত তাত থকা এজন আঠ বছৰীয়া আহত শিশু, তেওঁৰ মাতৃ আৰু তেওঁলোকৰ আন এজন আত্মীয় নিহত হয় ।