নিউজ ডেস্ক, ২১ জুলাই : দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা মণিপুৰৰ ভাইৰেল ভিডিঅ' গোচৰত চাৰিজন মূল অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে পুৱা মূল অভিযুক্তটোক আটক কৰাৰ পাচত মণিপুৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই নিশা পৰ্যন্ত আন তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ "থৌবাল জিলাৰ নংপক ছেকমাই আৰক্ষী থানা অধীনত অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ জঘন্য অপৰাধৰ আৰু তিনি মূল অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰা হৈছে । এতিয়ালৈকে মুঠ ৪ টাক গ্ৰেপ্তাৰ কৰা হৈছে" মণিপুৰ আৰক্ষীয়ে টুইটত কয় ।
মণিপুৰ আৰক্ষীয়ে লগতে অভিযান চলাই আন অভিযুক্তকেইটাক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা চলোৱাৰ কথা টুইটত উল্লেখ কৰে । তেওঁলোকে লগতে ৰাজ্যখনৰ বিভিন্ন জিলাত মুঠ ১২৯ টা নাকা আৰু চেকপইণ্ট স্থাপন কৰি ব্যাপক তাচালী অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে পাহাৰ আৰু উপত্যাকা উভয়তে চলোৱা এই তালাচী অভিযানৰ সময়ত আইন উলংঘনৰ সৈতে জড়িত মুঠ ৬৫৭ জন লোকক বৰ্তমান পৰ্যন্ত আটক কৰাৰো কথা টুইটত জানিবলৈ দিয়ে ৷