নিউজ ডেস্ক, ২১ জুলাই :মণিপুৰত মানৱ সভ্যতাক লজ্জানত কৰা ৪ পাষণ্ডক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ । দুগৰাকী মহিলাক উলংগ কৰি ৰাস্তাত ঘূৰাই ফুৰোৱা ঘটনাৰ ভাইৰেল ভিডিঅ'ৰ সন্দৰ্ভত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা চাৰিওজন অভিযুক্তক শুকুৰবাৰে ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় । এই সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে কয়, "চাৰিওজন অভিযুক্তক ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।"
"ভাইৰেল ভিডিঅ' গোচৰত চাৰিজন মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ : থৌবাল জিলাৰ নংপোক চেকমাই আৰক্ষী থানাৰ অধীনত অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ জঘন্য অপৰাধৰ আৰু তিনিজন অধিক মুখ্য অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াকে লৈ এতিয়ালৈকে মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।" মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এক টুইটযোগে এই কথা কয় । অভিযোগ অনুসৰি, মণিপুৰত জাতিগত সংঘৰ্ষ সংঘটিত হোৱাৰ এদিন পিছত, ৪ মে'ত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল ।
আনহাতে, এই ঘটনাৰ এটা ভিডিঅ' বুধবাৰে ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে তুৰন্তে পদক্ষেপ গ্ৰহণ কৰে আৰু মুখ্য অভিযুক্তসহ ৪ জন লোকক গ্ৰেপ্তাৰ কৰে । ভিডিঅ'টো সন্দৰ্ভচ চু-মটো গোচৰ বিবেচনা কৰি আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কৈছিল যে অজ্ঞাত সশস্ত্ৰ লোকৰ বিৰুদ্ধে থৌবাল জিলাৰ নংপোক চেকমাই আৰক্ষী থানাত অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু অতি সোনকালে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাৰ সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলি আছে ।
উল্লেখ্য যে সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ জনতাই মুক্ত কৰি দিয়াৰ পূৰ্বে দুয়োগৰাকী মহিলাক যৌন নিৰ্যাতন কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে । ইফালে এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুখ ব্যক্ত কৰে আৰু কয় যে ঘটনাটো 'যিকোনো নাগৰিক সমাজৰ বাবে লজ্জাজনক' । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কোনো অভিযুক্তক ৰেহাই দিয়া নহ'ব । এই ঘটনাৰ আঁৰত থকাসকলক আমি কেতিয়াও ক্ষমা নকৰোঁ ।" উল্লেখ্য, মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে (এটিএছইউএম) ৩ মে'ত মেইটেই সম্প্ৰদায়ৰ লোকসকলক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ প্ৰতিবাদ জনাবলৈ এক সমদলৰ আয়োজন কৰাৰ পিছতে মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হয় আৰু বৰ্তমানো ৰাজ্যখন সাম্প্ৰদায়িক হিংসাত উত্তপ্ত হৈ আছে ।
লগতে পঢ়ক :Manipur Naked Women Row : প্ৰধানমন্ত্ৰী মোদীয়ে সদনৰ মজিয়াত বিবৃতি দিয়া উচিত; মল্লিকাৰ্জুন খাৰ্গে