নেশ্যনেল ডেস্ক,৭ নৱেম্বৰ :মণিপুৰৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে । তাৰ মাজতে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে । মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক হিংসাৰ দ্বাৰা প্ৰভাৱিত নোহোৱা জিলা সদৰত পৰীক্ষণৰ ভিত্তিত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে । মণিপুৰ চৰকাৰে ৰাজ্যখনত মোবাইল ইণ্টাৰনেট নিষেধাজ্ঞা ৮ নৱেম্বৰলৈ বৃদ্ধি কৰাৰ পাছতে এই নিৰ্দেশনা দিছে উচ্চ ন্যায়ালয়ে ।
মুখ্য ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ গোলমেই গাইফুলশিলু কাবুইক লৈ গঠিত খণ্ড বিচাৰপীঠে জাৰি কৰা এক নিৰ্দেশত ৰাজ্যখনক হিংসাৰ দ্বাৰা প্ৰভাৱিত নোহোৱা অঞ্চলসমূহলৈ সেৱা সম্প্ৰসাৰিত কৰিবলৈ কোৱা হৈছে । আদালতে ৰাজ্যখনক মোবাইল ইণ্টাৰনেট ডাটা সেৱা স্থগিত বা নিয়ন্ত্ৰণৰ সন্দৰ্ভত জাৰী কৰা সকলো আদেশৰ প্ৰতিলিপি অফিচিয়েল ৱেবছাইটত আপলোড কৰিবলৈও নিৰ্দেশ দিয়ে ।
বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানি ৯ নৱেম্বৰত অনুষ্ঠিত হ'ব । ছেপ্টেম্বৰ মাহত কিছুদিনৰ বাহিৰে যোৱা ৩ মে'ৰ পৰা মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পৰা মোবাইল ইণ্টাৰনেট সেৱা নিষিদ্ধ হৈ আছে ।