নিউজ ডেস্ক, 2 জানুৱাৰী :ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1 বিয়পিছে উত্তৰ-পূৱৰ ৰাজ্যলৈ ৷ কেৰালা, ৰাজস্থানৰ পাছত এইবাৰ মণিপুৰতো ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1 আক্ৰান্ত ৰোগী ৷ এ এন আইত প্ৰকাশ পোৱা বাতৰি অনুসৰি, মণিপুৰৰ সেনাপতি জিলাৰ পাওমাতাৰ এজন লোকৰ শৰীৰত ধৰা পৰিছে জে এন 1 ৷
জানিব পৰা মতে, সংক্ৰমিত ব্যক্তিজনে দিল্লীৰ পৰা ডিমাপুৰলৈ বিমানেৰে আহিছিল ৷ পৰৱৰ্তী সময়ত ডিমাপুৰৰ পৰা সেনাপতিলৈ পথেৰে যাত্ৰা কৰিছিল ৷ ইফালে প্ৰাথমিক পৰীক্ষাত জে এন 1 উপস্থিত ধৰা পৰিছে যদিও সেয়া নিশ্চিত কৰিবলৈ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷
প্ৰাথমিক পৰীক্ষাত ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1ত আক্ৰান্ত হোৱা বুলি তথ্য পোৱাৰ পাছতে সতৰ্কতা অৱলম্বন কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ যাতে ক’ভিডৰ নতুন প্ৰকৰণ অধিক বিয়পি নাযায় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যখনৰ চৰকাৰে ৷ ইফালে প্ৰতিদিনে ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ তথ্য অনুসৰি, ভাৰতত যোৱা 24 ঘণ্টাত ক’ভিড 19ত নতুনকৈ আক্ৰান্ত হৈছে 692 জন ৷