নেশ্যনেল ডেস্ক, 5 জুলাই:মণিপুৰ চৰকাৰে যথেষ্ট সংখ্যক মন্ত্ৰী, বিধায়ক, ৰাজনীতিবিদ আৰু আমোলাৰ ভিআইপি নিৰাপত্তাৰক্ষী হ্ৰাস কৰিছে ৷ ইয়াৰ মূলতে হ’ল প্ৰায় 2,000 নিৰাপত্তাৰক্ষীক ৰাজ্যখনৰ সমস্যাগ্ৰস্ত অঞ্চলসমূহত খেতিত নিয়োজিত কৃষকসকলক সুৰক্ষা দিবলৈ নিয়োজিত কৰা হ’ব ৷ বুধবাৰে এক সূত্ৰই সদৰী কৰিছে এই কথা ৷
দুদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৃষি কাৰ্য আৰম্ভ কৰা কৃষকসকলক সুৰক্ষা প্ৰদান কৰাৰ কথা সদৰী কৰিছিল ৷ তেওঁ কয়, ‘‘কৃষি কৰিবলৈ আৰম্ভ কৰা কৃষকসকলক সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ কৃষিৰ উদ্দেশ্যে চৰকাৰে পাঁচখন জিলাত অধিক সুৰক্ষা কৰ্মী নিয়োগৰ সিদ্ধান্ত লৈছে । কাংপোকপি, চুৰাচান্দপুৰ, পূব ইম্ফল আৰু পশ্চিম ইম্ফল আৰু কাকচিং জিলাত প্ৰায় 2,000 অতিৰিক্ত নিৰাপত্তা কৰ্মী মোতায়েন কৰা হ’ব ৷’’
মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাচতেই বহু মন্ত্ৰী, বিধায়ক, অন্যান্য ৰাজনীতিবিদ, অসামৰিক কৰ্মচাৰী, প্ৰাক্তন আমোলাসকলৰ নিৰাপত্তাত নিয়োজিত প্ৰায় 2,000 নিৰাপত্তাৰক্ষীক প্ৰত্যাহাৰ কৰা হৈছে ৷