অসম

assam

ETV Bharat / bharat

Manipur Violence: মণিপুৰ হিংসাৰ সাহাৰ্য শিবিৰত থকা ভুক্তভোগীৰ হেৰুওৱা নথি-পত্ৰ পুনৰ প্ৰস্তুত কৰিব চৰকাৰে - Govt Move To Give Lost Documents To Displaced

মণিপুৰ হিংসাত ভুক্তভোগীৰ হেৰাই যোৱা তথা নষ্ট হোৱা নথি-পত্ৰ পুনৰ প্ৰস্তুত বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰচেষ্টা হাতত লৈছে ৷ হিংসাৰ সময়ত ভুক্তভোগী বহু লোকে নিজৰ পৰিচয়ৰ নথি-পত্ৰকে ধৰি সকলো হেৰুৱাইছে ৷

Manipur Government To Reconstruct Lost Documents
হেৰুওৱা নথি-পত্ৰ পুনৰ নিৰ্মাণ কৰিব চৰকাৰে

By

Published : Jun 30, 2023, 10:34 AM IST

Updated : Jun 30, 2023, 2:04 PM IST

তেজপুৰ, 30 জুন: মণিপুৰৰ হিংসাই অতিক্ৰম কৰিলে প্ৰায় 60 টা দিন ৷ এই হিংসাৰ সময়ত ভুক্তভোগী বহু লোকে নিজৰ পৰিচয় পত্ৰকে ধৰি সকলো হেৰুৱাইছে ৷ নিজৰ বাসস্থানৰ পৰা স্থানচ্যুত হৈ এতিয়া সাহাৰ্য শিবিৰত থকা ব্যক্তিসকলৰ হেৰাই যোৱা তথা নষ্ট হোৱা নথি-পত্ৰ আৰু বিভিন্ন শ্ৰেণীৰ কাৰ্ড, যেনে- বেংক পাছবুক, চি এম এইচ টি কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, ৰেচন কাৰ্ড, বৃদ্ধ পেঞ্চন কাৰ্ড, আধাৰ কাৰ্ড ইত্যাদি পুনৰ প্ৰস্তুত বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰচেষ্টা হাতত লৈছে ৷

অতিৰিক্ত মুখ্য সচিব (আৰ ডি এণ্ড পি আৰ)য়ে জনোৱা মতে, এম জি এনৰেগাৰ অধীনত ৰাজ্যজুৰি সম্প্ৰতি সাহাৰ্য শিবিৰত থকা লোকসকলৰ বাবে বিশেষ এম জি এনৰেগা জব কাৰ্ড প্ৰস্তুত কৰিব পৰাৰ ব্যৱস্থা আছে ৷ এই জব কাৰ্ডসমূহ অস্থায়ী প্ৰকৃতিৰ হ’ব যেতিয়ালৈকে হিতাধিকাৰীসকলে নিজৰ জন্ম গাঁৱলৈ উভতি যাব নোৱাৰে ৷

উপায়ুক্তসকলে, বিডিঅ'ৰ জৰিয়তে কাৰ্ডপ্ৰস্তুত কৰা আৰু গ্ৰহণ কৰিব পৰা কামবোৰ চিনাক্ত কৰা আৰম্ভ কৰিব ৷ নগৰাঞ্চলৰ সাহাৰ্য শিবিৰত থকা লোকসকলৰ বাবে, নিকটতম গ্ৰাম্য এলেকাত এমজিএনৰেগা জব কাৰ্ডৰ অধীনত কাম কৰিব পাৰিব ৷ স্বাস্থ্য বিভাগৰ আয়ুক্তৰ নিৰ্দেশনা অনুসৰি, মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু কৰ্মচাৰীসকলে সাহাৰ্য শিবিৰসমূহ পৰিদৰ্শন কৰি আছে আৰু চিএমএইচটি আৰু আয়ুষ্মান ভাৰত কাৰ্ডৰ পুনৰনিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিৱৰণ সংগ্ৰহ কৰিছে ৷

মেডি এচিষ্ট ইঞ্চিউৰেন্স টিপিএ প্ৰাইভেট লিমিটেড নামৰ এটা সংস্থাই এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ সৈতে কাম কৰি আছে ৷ সাহাৰ্য শিবিৰত থকা ব্যক্তিৰ হেৰাই যোৱা বা নষ্ট হোৱা আধাৰ কাৰ্ড পুনৰ তৈয়াৰ কৰা সন্দৰ্ভত আয়ুক্ত (গৃহ) য়ে অৱগত কৰে যে বৰ্তমান অপাৰেটৰৰ জৰিয়তে এই কাম কৰিব পৰা যাব ৷ কিন্তু ব্যক্তিসকলৰ শাৰীৰিক উপস্থিতি আৰু ঠাইতে অৰ্থাৎ সাহাৰ্য শিবিৰত ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন হ’ব ৷

ইয়াৰ আৰম্ভণি হ’ব সাহাৰ্য শিবিৰৰ বাসিন্দাসকলৰ পৰা যিসকলক ডিচি অফিচ/এছডিঅ’ কাৰ্যালয়লৈ লৈ যাব পৰা যাব, য’ত আধাৰ কাৰ্ড পুনৰ প্ৰস্তুত কৰিব পৰা যাব আৰু বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰিব পৰা যাব ৷ সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে জনোৱা মতে বৰ্তমান সাহাৰ্য শিবিৰত থকা বিভাগটোৰ অধীনত থকা হিতাধিকাৰীসকলৰ কাৰ্ড পুনৰ নিৰ্মাণৰ সন্দৰ্ভত প্ৰয়োজনীয় অধিসূচনা জাৰি কৰা হৈছে ৷ জিলা সমাজ কল্যাণ বিষয়াসকলে সাহাৰ্য শিবিৰসমূহ পৰিদৰ্শন কৰি কাৰ্ডসমূহৰ পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি আছে ৷

চিএএফ এণ্ড পিডি আয়ুক্তই জনাই যে সাহাৰ্য শিবিৰত থকা লোকসকলৰ এনএছএৰ অধীনত হেৰুওৱা/নষ্ট হোৱা ৰেচন কাৰ্ড পুনৰ প্ৰস্তুত কাম হাতত লোৱাৰ বাবে জিলা যোগান বিষয়াসকলক প্ৰতিখন জিলাৰ নোডেল বিষয়া হিচাপে মনোনীত কৰা হৈছে ৷ ইম্ফল পশ্চিম আৰু ইম্ফল ইষ্টৰ ডিএছঅ'সকলে প্ৰয়োজনীয় বিৱৰণ সংগ্ৰহৰ বাবে সাহাৰ্য শিবিৰসমূহ পৰিদৰ্শন কৰা আৰম্ভ কৰিছে আৰু অন্যান্য ডিএছঅ'সকলে অনুসৰণ কৰি আছে ৷ প্ৰতিষ্ঠানিক বিত্ত সঞ্চালকগৰাকীয়ে জনায় যে সংশ্লিষ্ট উপায়ুক্তসকলৰ সৈতে আলোচনা কৰি জিলাসমূহৰ এলডিএমৰ দ্বাৰা সাহাৰ্য শিবিৰসমূহ পৰিভ্ৰমণ আৰম্ভ কৰা হ'ব ৷ সাহাৰ্য শিবিৰৰ তালিকা এলডিএমৰ সৈতে ভাগ বতৰা কৰা হ'ব আৰু বেংকসমূহৰ বিষয়াসকলে তেওঁলোকৰ সেৱা ক্ষেত্ৰত সাহাৰ্য শিবিৰসমূহ পৰিদৰ্শন কৰিব ৷

লগতে পঢ়ক:HBS meets PM Modi: প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণকলৈয়ো প্ৰতিক্ৰিয়া

Last Updated : Jun 30, 2023, 2:04 PM IST

ABOUT THE AUTHOR

...view details