নিউজ ডেস্ক, ২ জানুৱাৰী :নতুন প্ৰতিশ্ৰুতিৰে নতুন বছৰে পদাৰ্পণ কৰিলেও মণিপুৰৰ পৰা যেন আঁতৰি যোৱা নাই পুৰণি বছৰটোৰ দুৰ্বিষহ স্মৃতি । কিয়নো নতুন বছৰটোৰ প্ৰথম দিনটোতে তেজৰ নদী বৈ গ'ল হিংসাজৰ্জৰ ৰাজ্যখনত । সোমবাৰে বিয়লি মণিপুৰ উপত্যকাৰ থৌবাল জিলাত পুনৰ সৃষ্টি হয় গোষ্ঠীগত সংঘর্ষ । এই সংঘৰ্ষত তিনিজন লোকৰ মৃত্যু হয় ।
ইফালে আইন-শৃংখলা পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে ৰাজধানী ইম্ফলসহ পাঁচখন জিলাত কাৰ্ফিউ জাৰি কৰা হৈছে । জিলাকেইখন হৈছে থৌবাল, ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ আৰু ককচিং । আনহাতে, মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে সকলোকে শান্তি-শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনাইছে ।
স্থানীয় সূত্রৰ পৰা লাভ কৰা তথ্য মতে, নিহত ব্যক্তি তিনিজনক এখন গাড়ীৰে হাস্পতাললৈ নিয়াৰ সময়ত লিলং চিংঝাও অঞ্চলত বিপক্ষৰ দুষ্কৃতিকাৰীয়ে গাড়ীখন ৰখায় । তাৰ পিছত পুনৰ গুলী চলাই গাড়ীচালকক হত্যা কৰাৰ লগতে গাড়ীখনত অগ্নিসংযোগ কৰে । এই ঘটনাৰ পিছতে উপত্যকাটোৰ লগতে নিকটৱৰ্তী পাহাৰীয়া অঞ্চলতো তীব্ৰ উত্তেজনা বিয়পি পৰে ।
আনহাতে, এই সংঘর্ষৰ ফলত আহত হয় আন কেইবাজনো লোক । ফলত পৰিস্থিতি চম্ভালিবলৈ মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিঙে যুযুধান দুয়োপক্ষকে সংযম ৰক্ষা কৰি চলাৰ আহ্বান জনোৱাৰ লগতে মন্ত্রীসভাৰ জৰুৰী বৈঠকৰ আহ্বান জনাইছে ।
উল্লেখ্য যে ২০২২ চনৰ ৩ মে'ত জনজাতীয় ছাত্র সংগঠন ‘অল ট্রাইবেল ষ্টুডেণ্টছ ইউনিয়ন অব মণিপুৰ’ৰ এক কাৰ্যসূচীক কেন্দ্ৰ কৰিয়ে ৰাজ্যখনত অশান্তিৰ সূত্রপাত হৈছিল । মণিপুৰ হাইকোর্টে মেইটেইসকলক অনুসূচিত জনজাতিৰ মর্যাদা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক বিবেচনা কৰাৰ নির্দেশ দিয়াৰ পিছতে জনজাতীয় সংগঠনবোৰে তাৰ বিৰোধিতা কৰি ৰাজপথত নামি পৰে । তাৰ পৰায়ে মণিপুৰৰ হিন্দু ধর্মাৱলম্বী মেইটেই জনগোষ্ঠীৰ সৈতে কুকি, জোসহ আন কেইবাটাও খ্ৰীষ্টান প্ৰধান জনজাতিৰ সৈতে সংঘাতৰ সূত্ৰপাত হয় ।
তাৰ পিছত ছয় মাহ অতিক্ৰম কৰিলে যদিও মণিপুৰত এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি । হিংসা-প্ৰতিহিংসাৰ দাবানলত দহিছে মণিপুৰৰ সাধাৰণ নাগৰিক । এই পৰ্যন্ত ২ শতাধিক লোকৰ মৃত্যু হোৱাৰ উপৰি ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে ।
লগতে পঢ়ক :ছত্তীশগড়ত নক্সালবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ, নৱজাতকৰ মৃত্যু