ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ তেজপুৰ, ৬ জানুৱাৰী : শিৰোনামা দখল কৰিছে মণিপুৰৰ ফুটবল এছ’চিয়েছনে । এছ’চিয়েছনৰ তৰফৰ পৰা যোৱা ৩ জানুৱাৰীত ৰাজ্যখনৰ ফুটবল দলসমূহলৈ প্ৰেৰণ কৰা এক জাননীত ক্ষোভিত হৈছে ফুটবল খেলুৱৈসকল ৷
ক্ষোভিত ফুটবল খেলুৱৈসকলে 'X' ৰ জৰিয়তে প্ৰকাশ কৰিছে যে মণিপুৰ ফুটবল সন্থাই অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত লামলং থংখঙৰ আৰ্টিফিকেল টাৰ্ফ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ১৬ সংখ্যক মণিপুৰ ষ্টেট লীগত অংশগ্ৰহণৰ বাবে দলসমূহৰ পৰা ৪ লাখকৈ টকা দাবী কৰিছে । এই সন্দৰ্ভত ইটিভি ভাৰতৰ লগত হোৱা এক EXCLUSIVE টেলিফোনিক বার্তাত স্বীকাৰোক্তি দিছে মণিপুৰ ফুটবল সন্থাৰ সাধাৰণ সম্পাদক এল জ্যোতিৰ্ময় ৰয়ে ৷
তেওঁ কয় যে যিসমূহ জিলাই এই ৰাজ্যিক পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিব, তেওঁলোকৰ জিলাৰ দলসমূহে 4 লাখ টকাকৈ ধন জমা দিব লাগিব । ইতিমধ্যে প্ৰিমীয়াৰ লীগ অব্যাহত আছে৷ আনহাতে মুঠ ৮ খন জিলা সামৰি অনুষ্ঠিত হোৱা লীগৰ বাবে ইতিমধ্য ৭ প্ৰতিযোগী জিলাৰ নাম পোৱা গৈছে । উক্ত জিলাসমূহ হ’ল- উখৰুল, সেনাপতি, চাণ্ডেল, মইৰাং, বিষ্ণুপুৰ, কাকচিং আৰু থৌবালক ৷
উক্ত সাতখন জিলাৰ ফুটবল সন্থাক অংশগ্ৰহণৰ বাবে নিবিদা দিবলৈ ১০ জানুৱাৰীৰ ভিতৰত এটাকৈ দলৰ পৰামৰ্শ দিবলৈ কোৱা হৈছে । উল্লেখ্য যে মণিপুৰ এফ এৰ ১৪ টা জিলা সংঘ আছে আৰু তাৰ ভিতৰত ইতিমধ্যে এই ষ্টেট লীগৰ বাবে ১২ খন জিলা সামৰি লোৱা হৈছে বুলি তেওঁ কয় । আনহাতে যোৱা ৩ জানুৱাৰীত মণিপুৰ ফুটবল এছ’চিয়েশ্যনে জাৰি কৰা অধিসূচনাৰ সবিশেষ সামাজিক মাধ্যম 'X' ৰ যোগেদি প্ৰকাশ কৰিছে গ্ৰাছৰুটছ ফুটবল অনুৰাগী ৱৰংগাচন শটছাঙে ।
ফুটবল অনুৰাগীয়ে জনায় যে ইতিমধ্যে প্ৰিমিয়াৰ লীগসমূহ চলি আছে । কিন্তু ৰাজ্যিক সংস্থাটোৱে ফ্ৰেঞ্চাইজি শৈলীৰ লীগ আয়োজন কৰাৰ সিদ্ধান্তই ক্ষোভৰ সৃষ্টি কৰিছে কাৰণ ধন নথকা দলসমূহ প্ৰতিযোগিতাখনৰ পৰা বঞ্চিত হ’ব । ফলত সমগ্ৰ খেল জগতক আপ্লুত কৰি লাভজনক চুক্তিত অৱতৰণ কৰাৰ চেষ্টাত এই প্ৰতিযোগিতাখনক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ বুলি গণ্য কৰা কেবাজনো খেলুৱৈ গুৰুত্বপূৰ্ণ খেলখনৰ পৰা বঞ্চিত হ’ব নেকি তাক লৈ সংশয় হৈছে ।
ৰাজ্যখনৰ ফুটবল এছ’চিয়েশ্যনে এতিয়াও ঘোষণা কৰা নাই প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ সময়সূচী ৷ তথাপিও ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগত অনুষ্ঠিত হ’ব প্ৰিমিয়াৰ লীগ । কিন্তু মণিপুৰ ফুটবল সংস্থাই দলসমূহৰ পৰা বৃহৎ পৰিমানৰ ধন বিচৰা কাণ্ডই ভাৰতীয় ফুটবলৰ প্ৰতিভাৰ অন্যতম বৃহৎ উৎস মণিপুৰৰ তৃণমূল পৰ্যায়ৰ ফুটবল খেলুৱৈৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক:ঝাৰখণ্ডত বিধায়িকাৰ সন্মুখতে উচুপি উঠিল মণিপুৰৰ খেলুৱৈ