নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী :মণিপুৰ বিধানসভা নিৰ্বাচনৰ (Manipur assembly elections 2022) প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে দেওবাৰে নিশা কংগ্ৰেছ দলে এজন প্ৰাৰ্থীক নিলম্বন কৰে ৷ নিলম্বিত প্ৰাৰ্থীগৰাকী ৱাংগোই সমষ্টিৰ ছালাম জয় সিং বুলি জানিব পৰা হৈছে ৷ প্ৰাৰ্থীগৰাকী দল বিৰোধী কাৰ্য-কলাপত জড়িত থকাৰ অভিযোগত নিলম্বন কৰে দলটোৱে ৷
মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাৰ্থীসভাৰ কিছু দৃশ্য আৰু পূৰ্বৰ বাসভৱনত বিজেপি প্ৰাৰ্থী অইনাম লুখোই সিঙক আতিথ্য দিয়াৰ তথ্য পোহৰলৈ অহাৰ পাছত ছালাম জয় সিঙক দলৰ পৰা নিলম্বন কৰা হয় । কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত বিজেপি প্ৰাৰ্থীক সহায় কৰাৰ সন্দেহত ছালাম জয় সিঙক দলৰ পৰা নিলম্বন কৰাৰ (Congress Expels Salam Joy Singh on Disciplinary Grounds) কথা সদৰী কৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কে দেৱব্ৰত সিঙে ।