অসম

assam

ETV Bharat / bharat

Manipur violence: মণিপুৰৰ সংবাদ মাধ্যমক তীব্ৰ সমালোচনা এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াৰ - Editors Guild of India on Manipur violence

অশান্ত মণিপুৰ ৰাজ্যত মেইটেই প্ৰভাৱশালী সংবাদ মাধ্যমৰ কথিত পক্ষপাতিত্বমূলক ভূমিকা সম্পৰ্কে উদ্বেগ প্ৰকাশ এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ । হিংসাৰ সময়ত ৰাজ্য চৰকাৰে আৰোপ কৰা ইণ্টাৰনেট নিষেধাজ্ঞাই সাংবাদিকসকলক প্ৰকৃত ঘটনাৰ বিষয়ে তথ্য লাভ কৰাত বাধা দিছিল ।

Editors' Guild of India on Manipur violence
মণিপুৰৰ সংবাদ মাধ্যমক তীব্ৰ সমালোচনা এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াৰ

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 12:02 PM IST

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ :এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । কোনো কোনো স্থানত হিংসাত্মক ঘটনা অব্যাহত আছে । মণিপুৰৰ হিংসাক লৈ দেশৰ বিভিন্ন সংবাদ মাধ্যমতো বাতৰি সম্প্ৰচাৰ হৈছে । ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কে সংবাদ মাধ্যমৰ প্ৰচাৰক লৈও বিতৰ্ক অব্যাহত আছে । ইয়াৰ মাজতে এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াই (ইজিআই) বিষয়টো অধ্যয়ন কৰা এক তথ্য অনুসন্ধান সমিতিৰ পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি পৰিস্থিতিৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰিছে । ইজিআই প্ৰতিবেদনত 'একপক্ষীয় প্ৰতিবেদন' প্ৰকাশ কৰাৰ বাবে আৰু সংঘৰ্ষত ইন্ধন যোগোৱা আৰু ইয়াৰ ফলত সংখ্যালঘু কুকি সম্প্ৰদায়ৰ ক্ষতি হোৱাৰ বাবে কিছুমান সাংবাদিকক দোষাৰোপ কৰা দেখা গৈছে ।

উত্তৰ-পূবৰ ৰাজ্যখনত সংখ্যাগৰিষ্ঠ মেইটেই আৰু সংখ্যালঘু কুকি সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষৰ পাছতে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । এই ক্ষেত্ৰত, ইজিআইৰ তথ্য অনুসন্ধানকাৰী দলে ৭ ৰ পৰা ১০ আগষ্টলৈ ৪ দিনৰ বাবে অশান্ত মণিপুৰ ৰাজ্যত অধ্যয়ন চলাইছিল । ইজিআই দলটোত সাংবাদিক ভাৰত ভূষণ, সীমা গুহ আৰু সঞ্জয় কাপুৰ আছিল ।

জাতিগত হিংসাৰ সময়ত মণিপুৰৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন পৰীক্ষা কৰাৰ পাছত ইজিআই দলে জানিব পাৰিছে যে মেইটেই নিয়ন্ত্ৰিত সংবাদ মাধ্যম ৰাজ্যখনত প্ৰভাৱশালী আছিল আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা এই সময়ছোৱাত ইণ্টাৰনেট নিষেধাজ্ঞাই তাত প্ৰকৃত ঘটনাৰ বিষয়ে সাংবাদিকসকললৈ তথ্য প্ৰবাহত বাধা প্ৰদান কৰিছিল । সাংবাদিকসকলে হিংসাৰ ওপৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ সঠিক তথ্য সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল । তথ্য অনুসন্ধানকাৰী দলটোৱে ইণ্টাৰনেট কৰ্তন কৰাৰ বাবে ৰাজ্য চৰকাৰকো সমালোচনা কৰে । কিয়নো ইণ্টাৰনেট কৰ্তনৰ বাবে তথ্য সংগ্ৰহ কৰাত বিফল হৈছিল সাংবাদিকসকল ।

ইজিআই দলটোৱে প্ৰতিবেদনত কৈছে যে প্ৰভাৱশালী মেইটেই সংবাদ মাধ্যমে যথেষ্ট প্ৰভাৱ পেলাইছিল । প্ৰতিবেদনত কোৱা হৈছে যে সংবাদ মাধ্যমৰ দায়িত্বশীলতাৰে কাম কৰাৰ প্ৰয়োজন আছে ।

মণিপুৰত হোৱা জাতিগত সংঘৰ্ষই সমগ্ৰ দেশক হতবাক কৰি তুলিছিল । ইফালে যোৱা মাহত, মণিপুৰ বিধানসভাৰ অধিবেশনো বাতিল হৈছিল । কিয়নো ১০ জন কুকি বিধায়কে অধিবেশনত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছিল ।

লগতে পঢ়ক :Tense Situation in Karimganj : অসম-ত্ৰিপুৰা সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতি ; আৰক্ষী বিষয়াক আক্ৰমণ দুস্কৃতিকাৰীৰ

ABOUT THE AUTHOR

...view details