নেশ্যনেল ডেস্ক, 2 আগষ্ট :মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ এদিন পিচতে দুগৰাকীকৈ যুৱতীক বিৱস্ত্ৰা কৰায় সমদল কৰোৱাৰ জঘন্য ঘটনাটোকে ধৰি সমগ্ৰ পৰিস্থিতি বৰ্তমান দেশৰ শীৰ্ষ আদালতৰ বিচৰাধীন ৷ শীৰ্ষ আদালতে মণিপুৰৰ হিংসাৰ গোচৰত চমন জাৰি কৰিছে মণিপুৰৰ আৰক্ষী অধীক্ষক ৰাজীৱ সিঙক ৷ ৰাজীৱ সিং ত্ৰিপুৰা কেডাৰৰ 1993 বৰ্ষৰ আই পি এছ বিষয়া । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিংসাত্মক পৰিস্থিতি অব্যাহত থকাৰ সময়ত মণিপুৰ ভ্ৰমণ কৰাৰ পিছত পি ডৌংগেলৰ ঠাইত সিঙক ডিজিপি হিচাপে দায়িত্ব দিয়া হৈছিল ।
ত্ৰিপুৰাত উগ্ৰপন্থী বিৰোধী অভিযানত সিঙে বিশেষ নেতৃত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছিল । ৰাজীৱ সিঙক মঙলবাৰে উচ্চতম ন্যায়ালয়ে চমন জাৰি কৰাৰ পিছতে সংবাদ মাধ্যমত সিঙে লাভ কৰে বিশেষ স্থান । হিংসাত্মক ঘটনা সংঘটিত মণিপুৰত হত্যা, ধৰ্ষণ আৰু বিভিন্ন অপৰাধৰ জঘন্য গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে সিঙক ।
সিঙে ঝাৰখণ্ডতো মাওবাদী সমস্যাৰ সৈতে মোকাবিলা কৰিছিল । এসময়ত সিং ঝাৰখণ্ড অঞ্চলৰ চি আৰ পি এফৰ আৰক্ষী মহাপৰিদৰ্শক পদতো অধিষ্ঠিত হৈছিল । ইয়াৰোপৰি, ৰাজীৱ সিঙে চি বি আইৰ সৈতেও কাৰ্যনিৰ্বাহ কৰিছিল । সংঘাতপূৰ্ণ ক’ছ’ভ’ত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সিঙে ।