নেশ্যনেল ডেস্ক,২১ আগষ্ট :কেবিনেটে আহ্বান জনোৱাৰ পাছতো মণিপুৰত ২১ আগষ্ট অৰ্থাৎ আজিৰ পৰা অনুষ্ঠিত নহ'ল বিধানসভাৰ বিশেষ অধিবেশন । মণিপুৰ কেবিনেটে ৰাজ্যপাল অনুসূয়া উইকীক ২১ আগষ্টৰ পৰা বিধানসভা অধিৱেশন আহ্বান কৰিবলৈ পৰামৰ্শ দিছিল । কিন্তু বিষয়াসকলে কোৱা মতে এতিয়ালৈকে ৰাজভৱনৰ দ্বাৰা কোনো ধৰণৰ জাননী জাৰী কৰা হোৱা নাই । যাক লৈ এক ধৰণৰ দ্বিধাৰ সৃষ্টি হৈছে । উত্তৰ-পূবৰ ৰাজ্যখনত হিংসাত্মক ঘটনা অব্যাহত থকাৰ বাবে ১০ গৰাকী কুকি বিধায়কে দলৰ সৈতে জড়িত হৈ বিধানসভাৰ অধিবেশনত উপস্থিত নথকাৰ সিদ্ধান্ত লোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে ।
৪ আগষ্টত এক চৰকাৰী বিবৃতিত কোৱা হৈছিল যে সাধাৰণ বিধানসভা অধিবেশনৰ বাবে ১৫ দিন পূৰ্বে এখন অধিসূচনা জাৰী কৰিব লাগিব । ৰাজ্যপালৰ কাৰ্যালয়ে এতিয়ালৈকে এনে কোনো জাননী জাৰী কৰা নাই । অৱশ্যে ৰাজ্য চৰকাৰে এই মাহৰ আৰম্ভণিতে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত অধিবেশনৰ সিদ্ধান্ত লৈছিল ।তাৰ পাছতে ৰাজ্যিক কেবিনেটে মণিপুৰৰ ৰাজ্যপালক ২১ আগষ্টত দ্বাদশ মণিপুৰ বিধান সভাৰ চতুৰ্থ অধিবেশন আহ্বান কৰাৰ বাবে পৰামৰ্শ দিছিল ।
ইয়াৰ পূৰ্বে বিধানসভা অধিৱেশন মাৰ্চ মাহত অনুষ্ঠিত হৈছিল । তাৰ পাছত মে' মাহত ৰাজ্যখনত হিংসাত্মক ঘটনাৰ আৰম্ভ হৈছিল । আনহাতে সাংবিধানিক বাধ্যবাধকতা অনুসৰি পৰৱৰ্তী অধিবেশন ২ ছেপ্টেম্বৰৰ পূৰ্বে অনুষ্ঠিত হ'ব লাগিব ।