নেশ্যনেল ডেস্ক,২ জুলাই :মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগ বিষয়ক লৈ বিতৰ্ক অব্যাহত আছে । শনিবাৰে পদত্যাগৰ সিদ্ধান্ত লৈছিল যদিও পাছত এই সিদ্ধান্ত বাতিল কৰে মুখ্যমন্ত্ৰী সিঙে । কিন্তু কিয় পদত্যাগৰ সিদ্ধান্ত বাতিল কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ? সংবাদ মাধ্যমৰ আগত তেওঁ সকলো কথা স্পষ্ট কৰিছে ।
মানুহৰ তেওঁৰ প্ৰতি থকা বিশ্বাসৰ বাবে তেওঁ পদত্যাগৰ সিদ্ধান্ত বাতিল কৰিবলগীয়া হয় । এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মানুহে তেওঁক যি ধৰণে সমৰ্থন কৰিছে তাক দেখি নিজৰ সিদ্ধান্ত ভুল বুলি মানি ল'বলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰীগৰাকী ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "জনসাধাৰণৰ আস্থা অবিহনে এগৰাকী নেতা নেতা হ'ব নোৱাৰে । মানুহৰ সমৰ্থনে এগৰাকী নেতাক প্ৰস্তুত কৰে । মই যথেষ্ট আনন্দিত যে মই ঘৰৰ পৰা ওলাই অহাৰ পাছত ৰাস্তাত যথেষ্ট লোকে ভিৰ কৰিছিল । লোকসকলে কান্দিছিল আৰু মোৰ ওপৰত তেওঁলোকৰ বিশ্বাস দেখুৱাইছিল । এইটোৱে মোৰ সিদ্ধান্ত ভুল প্ৰমাণিত কৰিছিল । কাৰণ মানুহবোৰ এতিয়াও মোৰ সমৰ্থনত থিয় হৈ আছে । তেওঁলোকে মোক পদত্যাগ নকৰিবলৈ কৈছিল । যদি তেওঁলোকে মোক পদত্যাগ কৰিবলৈ কয়, মই কৰিম; যদি তেওঁলোকে মোক নকৰিবলৈ কয়, মই নকৰো ।"
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে পদত্যাগৰ সিদ্ধান্ত লোৱাৰ পাছতে তেওঁৰ বাসগৃহৰ বাহিৰত সমবেত লোকসকলৰ সমৰ্থন দেখি তেওঁ এই সিদ্ধান্ত বাতিল কৰে ।ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱাৰ কাৰণ বৰ্ণনা কৰি বীৰেণ সিঙে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা চলাই থকাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত তেওঁৰ মনত সন্দেহৰ সৃষ্টি হৈছিল । কিছুমান ঠাইত পুত্তলিকা দাহ কৰা হৈছিল আৰু এটা সৰু গোটে তেওঁৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল ।
আনকি ৰাজ্যখনৰ কিছুমান ঠাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰাও দেখা গৈছিল । আনহাতে একাংশ লোকে বিজেপি কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা কৰিছিল । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মণিপুৰৰ বাবে ৫-৬ বছৰত কি কৰিছে তাক লৈ সন্দেহৰ সৃষ্টি হৈছিল । আনহাতে মানুহৰ বিশ্বাস হেৰুৱাইছে বুলিও তেওঁৰ সন্দেহ হৈছিল । যাৰ বাবে দুখিত হৈ তেওঁ পদত্যাগৰ সিদ্ধান্ত লৈছিল ।
উল্লেখ্য যে শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগৰ সিদ্ধান্ত লৈছিল আৰু দুপৰীয়া ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদানৰ কথা আছিল । এই খবৰ পোৱাৰ পাছতে একাংশ লোকে ইম্ফলত থকা মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখত ভিৰ কৰিছিল আৰু পথ অৱৰোধ কৰিছিল । প্ৰতিবাদৰ জৰিয়তে এই সিদ্ধান্ত বাতিল কৰিবলৈ লোকসকলে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল । ৰাইজৰ এই প্ৰতিবাদৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগৰ সিদ্ধান্ত বাতিল কৰে ।
লগতে পঢ়ক :Manipur Violence : মণিপুৰৰ হিংসাৰ আঁৰত বাহ্যিক শক্তি জড়িত থকাৰ সন্দেহ মুখ্যমন্ত্ৰীৰ