অসম

assam

ETV Bharat / bharat

কৃষিক্ষেত্ৰত ব্যৱহৃত সামগ্ৰী বিতৰণ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ - বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী থংগাম বিশ্বজিত

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে কৃষকৰ মাজত বিতৰণ কৰে বিভিন্ন কৃষিক্ষেত্ৰত ব্যৱহৃত সামগ্ৰী ৷ চিটী কনভ'কেচন চেণ্টাৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্যখনৰ কৃষকসকলক সামগ্ৰীসমূহ প্ৰদান কৰা হয় ৷

কৃষিক্ষেত্ৰত ব্যৱহৃত সামগ্ৰী বিতৰণ মনিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ
কৃষিক্ষেত্ৰত ব্যৱহৃত সামগ্ৰী বিতৰণ মনিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ

By

Published : Mar 13, 2021, 10:44 PM IST

ইম্ফল,13 মাৰ্চ :মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে শনিবাৰে কৃষকসকলৰ মাজত কৃষিত ব্যৱহৃত যন্ত্ৰ আৰু বিভিন্ন সামগ্ৰী বিতৰণ কৰে ৷ নৰ্থ ইষ্টাৰ্ণ ৰিজন টেক্সটাইলছ প্ৰমোচন আঁচনিৰ অধীনত এই সামগ্ৰীসমূহ বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চিটী কনভ'কেচন চেণ্টাৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্যখনৰ কৃষকসকলক সামগ্ৰীসমূহ প্ৰদান কৰা হয় ৷

ইয়াৰোপৰি, SMAM আঁচনিৰ অধীনত হস্তশিল্পীসকললৈ 10,000 টকাৰ সাহাৰ্যও প্ৰদান কৰে বিৰেন সিঙে ৷ এই সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ অৰ্থনীতিত কৃষিক্ষেত্ৰৰ অৱদান অসীম ৷ সেয়েহে, ৰাজ্য চৰকাৰে কৃষিক্ষেত্ৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷

লগতে মুখ্যমন্ত্ৰী সিঙে কয় যে, হস্তশিল্পীসকললৈ প্ৰদান কৰা সাহাৰ্য অহা বছৰত 20,000 টকালৈ বৃদ্ধি কৰা হ'ব ৷

মঙলবাৰৰ পৰা 22 মাৰ্চলৈ ইম্ফলৰ হাপটা কাংজেইবুঙত আৰম্ভ হ'ব লগা স্থানীয় সামগ্ৰীৰ প্ৰদৰ্শনী 'মাই-অওন 2021' সম্পৰ্কত তেওঁ কয় যে, ৰাজ্যখনৰ প্ৰাচীন খাদ্য সামগ্ৰী আৰু সংস্কৃতিক পুনৰুদ্ধাৰ কৰাটো অতিকৈ প্ৰয়োজনীয় ৷ ৰাজ্যবাসীৰ সহায়-সহযোগিতাৰ বাবেই বিভিন্ন দিশত মণিপুৰে বিকাশ সাধন কৰিবলৈ সক্ষম হৈছে ৷

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী থংগাম বিশ্বজিতে কয় যে, ৰাজ্য চৰকাৰে 4 বছৰ সম্পূৰ্ণ কৰাৰ বাবে এই বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ ইয়াৰোপৰি, শিল্পীসকলৰ মাজত কামৰ পৰিৱেশ গঢ়ি তোলাৰ লগতে বিভিন্ন ক্ষেত্ৰত পাৰ্গত কৰি তুলিবৰ বাবে প্ৰয়োজনীয় সহায়ো আগবঢ়াব মণিপুৰ চৰকাৰে ৷ ইয়াৰ ফলত তেওঁলোকৰ কৰ্মৰাজিয়ে আন্তৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিব পাৰিব ৷

উদ্যোগ মন্ত্ৰী বিশ্বজিতে লগতে কয় যে, এই আঁচনিসমূহৰ অধীনত বিভিন্ন ধৰণৰ সুযোগ লাভ কৰিবৰ বাবে প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কৃষকসকলেও সহযোগিতা আগবঢ়োৱা উচিত ৷

লগতে পঢ়ক :আইজলত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল 8 টা বাসগৃহ

ABOUT THE AUTHOR

...view details