অসম

assam

By

Published : Dec 12, 2020, 1:42 PM IST

ETV Bharat / bharat

ইম্ফলত কৰ’ণা ৰোগীৰ বাবে 100 খন বিচনাযুক্ত ক’ভিড ব্লক মুকলি

মণিপুৰৰ ইম্ফলস্থিত জৱাহৰলাল নেহৰু ইন্সটিটিউট অৱ মেডিকেল চায়েন্স (JNIMS)ত 100 খন বিচনাযুক্ত ক’ভিড ব্লক মুকলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ৷ ৰাজ্যখনৰ ক’ভিড-19 আক্ৰান্ত লোকসকলৰ উন্নত চিকিৎসাৰ সুবিধাৰ্থে এই পদক্ষেপ গ্ৰহণ ৷

Manipur CM inaugurates 100-bed COVID block at JNIMS in Imphal
ইম্ফলত কৰ’ণা ৰোগীৰ বাবে 100 খন বিচনাযুক্ত ক’ভিড ব্লক মুকলি

নিউজ ডেস্ক,12 ডিচেম্বৰ : কৰ’ণা সংক্ৰমণৰ প্ৰতিৰোধৰ হেতু মণিপুৰৰ ইম্ফলস্থিত জৱাহৰলাল নেহৰু ইন্সটিটিউট অৱ মেডিকেল চায়েন্স (JNIMS)ত 100 খন বিচনাযুক্ত ক’ভিড ব্লক মুকলি কৰা হয় ৷ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৷

শেহতীয়াকৈ মণিপুৰত ক’ভিড-19ত আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা মতে, ৰাজ্যখনত 2,970 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈছে ৷

ক’ভিড-19ত আক্ৰান্ত লোকসকলক উন্নত চিকিৎসা প্ৰদানৰ বাবে এই ক’ভিড ব্লকটো মুকলি কৰা বুলি 10 ডিচেম্বৰত মুখ্যমন্ত্ৰী সিঙৰ কাৰ্যালয়ে টুইটযোগে জানিবলৈ দিয়ে ৷

আনহাতে বুধবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেনাপতি জিলাত 8 টা ভিন্ন প্ৰকল্পৰ লগতে 5 টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷

লগতে পঢ়ক :কৰ'ণা সংকটৰ মাজতে মানৱ সৰবৰাহ ৰোধৰ বাবে মন্ত্ৰালয়লৈ পৰামৰ্শ NHRCৰ

ABOUT THE AUTHOR

...view details