নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী:মণিপুৰত 'ই-অফিচ ফাইল মেনেজমেণ্ট চিষ্টেম' ৰূপায়ণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে ৰাজ্য চৰকাৰে । শনিবাৰে সাধাৰণ প্ৰশাসন বিভাগৰ উদ্যোগত আয়োজিত এক কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বিভিন্ন বিভাগক ১৮৬ টা ডেস্কট'প কম্পিউটাৰ ছেট বিতৰণ কৰে । অনুষ্ঠানত ৰাজ্যিক মুখ্য সচিব ড০ ৰাজেশ কুমাৰ, প্ৰশাসনিক সচিব আৰু অন্যান্য বিষয়াসকলো উপস্থিত থাকে । ইফালে অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ৪ বছৰত প্ৰগতি আৰু উন্নয়নৰ বাবে কঠোৰ পৰিশ্ৰম কৰা সকলো প্ৰশাসনিক সচিব, বিভাগৰ মুৰব্বী আৰু চৰকাৰী কৰ্মচাৰীসকলক প্ৰশংসা কৰে ।
লগতে তেওঁ কয় যে বিষয়া-কৰ্মচাৰীসকলৰ প্ৰচেষ্টাৰ বাবেই ৰাজ্যখনে বিভিন্ন দিশত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । আনকি কৰ'ণাই বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছতো মণিপুৰ এই ক্ষেত্ৰত কিছু পৃথক হৈ আছে । ইফালে বতৰৰ বাবে আগন্তুক ৫ৰ পৰা ৬ মাহ সময় মণিপুৰৰ বাবে অতি প্ৰত্যাহ্বানমূলক হ'ব বুলি উল্লেখ কৰি তেওঁ কৰ্মচাৰীসকলক আৰু অধিক পৰিশ্ৰম কৰি অতি সোনকালে আধৰুৱা কামবোৰ শেষ কৰিবলৈ আহ্বান জনায় ।