নেশ্যনেল ডেস্ক, 25 আগষ্ট:বৃহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বীৰেণ সিঙে সাক্ষাৎ কৰেগৃহমন্ত্ৰী অমিত শ্বাহক ৷ মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীক গৃহমন্ত্ৰীয়ে নতুন দিল্লীলৈ তলব কৰে ৷ শ্বাহৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে গৃহমন্ত্ৰীৰ পৰামৰ্শ ল’বলৈ নতুন দিল্লীত উপস্থিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সিঙে । মণিপুৰৰ পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে বুলিও কয় মুখ্যমন্ত্রীগৰাকীয়ে ৷
29 আগষ্টত মণিপুৰ বিধানসভাৰ এদিনীয়া বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত হয় এই বৈঠক । 21 আগষ্টত বৈঠকত মিলিত হ’ব নোৱাৰাৰ পাছত ৰাজ্যিক কেবিনেটে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধিৱেশন আহ্বান কৰিছিল ৷ ৰাজ্যখনত গোষ্ঠীগত সংঘৰ্ষ অব্যাহত থকাৰ সময়তে শাসকীয় বিজেপিৰ সদস্যকে ধৰি 10 জন কুকি বিধায়কে বিধানসভাৰ অধিৱেশনত উপস্থিত থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল । নগা বিধায়কসকলেও ৰাজ্য চৰকাৰে নগা শান্তি আলোচনাত বাধাৰ সৃষ্টি কৰা বুলি অনুভৱ কৰি অধিৱেশনত উপস্থিত নাথাকো বুলি কৈছিল ৷
বুধবাৰে ইম্ফল পূৱ জিলাৰ 300 ৰো অধিক পৰিয়ালক অস্থায়ী আশ্ৰয় গৃহ প্ৰদান কৰা এক কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে মণিপুৰৰ পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে পাহাৰ আৰু ভৈয়াম দুয়োটাতে আক্ৰান্ত লোকসকলক পুনৰ সংস্থাপন কৰা । আঠটা স্থানত পূৰ্ব নিৰ্মিত ঘৰৰ পুনৰ নিৰ্মাণ কৰা হৈছে ।"
মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ক’বলৈ গৈ সিঙে কয় যে, গোলা-বাৰুদ-বন্দুকৰ আক্ৰমণৰ আশংকা ৰাজ্যখনত ক্ৰমাৎ কমি আহিছে ৷ এই সন্দৰ্ভত লগতে তেওঁ কয়, " স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি আহিব বুলি আমি বিশ্বাস কৰো । সামূহিক প্ৰচেষ্টাৰ বাবেই এইটো সম্ভৱ হৈছে ।"