নিউজ ডেস্ক, ৫ আগষ্ট : উত্তৰ-পূবৰ ৰাজ্য মণিপুৰ হিংসাত্মক ঘটনাত বিগত তিনিমাহ ধৰি উত্তপ্ত হৈ আছে । এই হিংসাত এতিয়ালৈকে শতাধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছে । উল্লেখ্য যে মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায় মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ কোৱাৰ ৩ দিন পিছতে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । ৩ মে'ত আৰম্ভ হোৱা হোৱা এই সংঘৰ্ষ আজিও অব্যাহত আছে ।
আনহাতে, ৰাজ্য চৰকাৰে শুকুৰবাৰে জাৰি কৰা এখন জাননীত কোৱা হৈছে, "ৰাজ্যিক কেবিনেটে অহা ২১ আগষ্টত দ্বাদশ মণিপুৰ বিধানসভাৰ চতুৰ্থ অধিবেশন আহ্বান কৰাৰ বাবে ৰাজ্যপালক পৰামৰ্শ দিছে ।" মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিয়ে চলিত বৰ্ষাকালীন অধিবেশনত সংসদৰ দুয়োখন সদনৰে কাম-কাজ বাধাগ্ৰস্ত কৰিছে । বিৰোধী সদস্যসকলে সদনত মণিপুৰ সন্দৰ্ভত আলোচনাৰ দাবীত সদনৰ কাৰ্যসূচী অচল কৰি ৰাখিছে । আনহাতে, মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি এদল লোকে সমদল কৰি লৈ ফুৰোৱা ঘটনাৰ এটা ভাইৰেল ভিডিঅ'ৰ ওপৰত সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি বিৰোধীয়ে বাৰে বাৰে দাবী কৰি আহিছে ।
আনহাতে, মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ দাবীত দুয়োখন সদনৰে পূৰ্বনিৰ্ধাৰিত সকলো তালিকাভুক্ত কাৰ্যসূচী স্থগিত ৰখাৰ দাবীত অটল হৈ বিৰোধী সদস্যসকলে শ্লোগান দিয়ে আৰু কাৰ্যক্ৰম ব্যাহত কৰে । যাৰ ফলত দুয়োখন সদন বাৰে বাৰে স্থগিত ৰাখিবলগা হৈছে । উল্লেখ্যে যে বিগত সপ্তাহৰ শেষত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ এটা প্ৰতিনিধি দলে দুদিন ধৰি মণিপুৰ ভ্ৰমণ কৰে । সেই সময়ত তেওঁলোকে সাহায্য শিবিৰত থকা স্থানীয় লোকসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ ৰাজ্যপাল অনুসূয়া উইকীকো সাক্ষাৎ কৰে ।