অসম

assam

ETV Bharat / bharat

Manipur Assembly session: 29 আগষ্টৰ পৰা মণিপুৰ বিধানসভাৰ অধিৱেশনৰ ঘোষণা - মুখ্যমন্ত্ৰী এন বীৰেন সিং

মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে মঙলবাৰে অহা 29 আগষ্টৰ পৰা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ ঘোষণা কৰে ৷

Manipur Assembly session announces from August 29
29 আগষ্টৰ পৰা মণিপুৰ বিধানসভাৰ অধিৱেশনৰ ঘোষণা

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:50 PM IST

তেজপুৰ , ২২ আগষ্ট:মণিপুৰৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ পিচতে মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে মঙলবাৰে অহা 29 আগষ্টৰ পৰা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ ঘোষণা কৰে ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যপালগৰাকীক হিংসাপীড়িত ৰাজ্যখনত অধিৱেশনৰ বাবে আহ্বান জনোৱাৰ কেইঘণ্টামানৰ পিচত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে যে ৰাজ্য চৰকাৰে বিধানসভা অধিৱেশন অনুষ্ঠিত কৰিবলৈ তাৰিখ বাচনি কৰিছে। ইয়াৰ পূৰ্বে যোৱা 29 জুলাইত মণিপুৰ চৰকাৰে ৰাজ্যপালক আগষ্টৰ তৃতীয় সপ্তাহত বিধানসভাৰ এক বিশেষ অধিৱেশন আহ্বান কৰিবলৈ অনুৰোধ জনাইছিল ৷ তাৰ পিচত যোৱা 4 আগষ্টত পুনৰ চৰকাৰে 21 আগষ্টৰ পৰা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আহ্বান কৰিবলৈ অনুৰোধ কৰিছিল ৷ কিন্তু ৰাজভৱনে সদনক এই সন্দৰ্ভত কোনো অধিসূচনা জাৰী কৰা নাছিল।

ইয়াৰোপৰি যোৱা 18 আগষ্টত ভাৰতীয় জনতা পাৰ্টীৰ আঠজনকে ধৰি মণিপুৰৰ সকলো ১০ জন কুকি বিধায়কে ঘোষণা কৰিছিল যে তেওঁলোকে বিধানসভা অধিৱেশন বৰ্জন কৰিব। বিধায়কসকলে লগতে কৈছিল যে তেওঁলোকে অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব কিয়নো বিধানসভা মেইটেই অধ্যুষিত ইম্ফল উপত্যকাত অৱস্থিত ৷

ইয়াৰ পিচতে সোমবাৰে কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিল যে বাৰে বাৰে অনুৰোধ কৰাৰ পিচতো বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আহ্বান নকৰাটো মণিপুৰৰ সাংবিধানিক অধিকাৰক খৰ্ব কৰাৰ এক প্ৰয়াস ৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছিল যে, "প্ৰধানমন্ত্ৰীয়ে তেওঁৰ স্বঘোষিত বিশ্বগুৰুভূমিকা পুনৰ সজ্জিত কৰাত ব্যস্ত হৈ আছে আৰু গৃহমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে। মণিপুৰৰ জনসাধাৰণৰ যন্ত্ৰণা এতিয়াও মাৰ যোৱা নাই, মণিপুৰত এতিয়াও লোকসকল সমস্যাত জৰ্জৰিত হৈ আছে ৷

লগতে পঢ়ক:Congress Working Committee Reconstituted : কংগ্ৰেছত নাৰীক অধিক ক্ষমতা প্ৰদান; চিডব্লিচিত ১৫ গৰাকী মহিলা সদস্য

ABOUT THE AUTHOR

...view details