অসম

assam

ETV Bharat / bharat

Manipur Election 2022: 67 শতাংশ ভোটদানেৰে সমাপ্ত মণিপুৰৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন - Firing in Manipur election

মণিপুৰৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৩৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় (Manipur Election 2022)। প্ৰথম পৰ্যায়ত ১৭৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনত, যাৰ ভিতৰত ১৫ গৰাকী মহিলা প্ৰাৰ্থী । পশ্চিম ইম্ফল, পূৱ ইম্ফল, বিষ্ণুপুৰ, কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত ৩৮ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ ৷

Manipur Election 2022
67 শতাংশ ভোটদানেৰে সমাপ্ত মণিপুৰৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন

By

Published : Feb 28, 2022, 5:51 PM IST

নিউজ ডেস্ক: আজি মণিপুৰৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৩৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় (Manipur Election 2022)। প্ৰথম পৰ্যায়ত ১৭৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনত, যাৰ ভিতৰত ১৫ গৰাকী মহিলা প্ৰাৰ্থী । পশ্চিম ইম্ফল, পূৱ ইম্ফল, বিষ্ণুপুৰ, কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত ৩৮ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ ৷

পুৱা ৭ বজাৰ আৰম্ভ হোৱা এই ভোটগ্ৰহণ চলে বিয়লি ৪ বজালৈ । অৱশ্যে কোনো কোনো ভোটগ্ৰহণ কেন্দ্ৰত কিছু দেৰিলৈকে ভোটগ্ৰহণ হোৱা পৰিলক্ষিত হয় ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ৩৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৩৫ খন, জে ডি(ইউ)য়ে ২৮ খন, এন পি পিয়ে ২৭ খন, শিৱসেনাই 7 খনত, আৰ পি আই আৰু এন চি পিয়ে ছয়খনকৈ প্ৰতিদন্দিতা আগঢ়াইছে ৷ তাৰোপৰি এল জে পি ৰাম বিলাসে তিনিখন, কুকি নেচনেল এচেম্বলী আৰু কুকি পিপলছ এলায়েন্সে দুখন আসন আৰু ১৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

67 শতাংশ ভোটদানেৰে সমাপ্ত মণিপুৰৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন

আজি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৩৮ খন আসনৰ ২৯ খন পূৱ ইম্ফল, পশ্চিম ইম্ফল আৰু বিষ্ণুপুৰৰ উপত্যকা জিলাত আছে৷ আনহাতে চুৰাচান্দপুৰ, কাংপোকপি আৰু ফেৰজল জিলাত আছে ৯ খন আসন । ৰাজ্যখনত মুঠ 12,09,439 গৰাকী ভোটাৰৰ বিপৰীতে আছে 1,721 টা ভোটকেন্দ্ৰ । ইয়াৰে ৩৮১ টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালনা কৰে মহিলা কৰ্মীয়ে ৷ ইয়াৰোপৰি চাইকোটৰ এটা ভোটকেন্দ্ৰ পৰিচালনা কৰে বিশেষভাৱে সক্ষম কৰ্মীয়ে ৷

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ৰাজ্যখনৰ দুটাকৈ পৃথক পৃথক কেন্দ্ৰত সংঘটিত হয় নিৰ্বাচনী হিংসাও ৷ কেইৰাও সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত শিলগুটি নিক্ষেপৰ লগতে গুলীচালনা কৰিবলগা পৰিস্থিতিৰো সৃষ্টি হয় (Firing in Manipur election) ৷ ইয়াৰোপৰি আন এটা কেন্দ্ৰত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত বুথ দখলৰ অভিযোগ-প্ৰতি অভিযোগৰ লগতে দুয়োপক্ষৰ মাজত আক্ৰমণৰ ঘটনাও সংঘটিত হয় ৷ এই ঘটনা সংঘটিত হয় কাংপোকপি জিলাৰ নিউ কিথেলমানবি সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ৷ অৱশ্যে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ পৰা কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ বাতৰি অহা নাই ৷

নিৰ্বাচন আয়োগৰ পৰা পোৱা তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰায় 67.2 শতাংশ হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Manipur election 2022 phase 1 : ভোটগ্ৰহণৰ পূৰ্বে নিলম্বিত কংগ্ৰেছ প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details