নেশ্যনেল ডেস্ক, 29 জুন:মণিপুৰতপুনৰ সংঘটিত হ’ল হিংসাত্মক ঘটনা ৷ মণিপুৰৰ হাৰাওথেল গাঁৱত অগ্নিসংযোগ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ ৷ বৃহস্পতিবাৰে পুৱা গাঁৱখনত অগ্নি সংযোগৰ খবৰ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত উপস্থিত হয় ভাৰতীয় সেনা ৷ ইয়াৰ পাচতেই সেনা আৰু অস্ত্ৰধাৰী দুৰ্বৃত্তৰ মাজত আৰম্ভ হয় সংঘৰ্ষ ৷ সংঘৰ্ষত কিছু লোক হতাহত হোৱাৰ খবৰো লাভ কৰা গৈছে ৷ ভাৰতীয় সেনাই সদৰী কৰিছে এই তথ্য ৷
ভাৰতীয় সেনাৰ তথ্য অনুসৰি, ‘‘বৃহস্পতিবাৰে পুৱা মণিপুৰৰ হাৰাওথেল গাঁৱত অস্ত্ৰধাৰী দুৰ্বৃত্তই অগ্নি সংযোগ কৰে ৷ পৰিস্থিতি প্ৰতিহত কৰাৰ বাবে অঞ্চলটোত নিয়োজিত সেনাই তাৎক্ষণিকভাৱে প্ৰতি আক্ৰমণ আৰম্ভ কৰে ৷ বহু সময় ধৰি চলা সংঘৰ্ষৰ ফলত গুলীবৰ্ষণ বন্ধ হয় ৷’’ দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত কিছু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও এতিয়াও স্পষ্ট হোৱা নাই ৷ সংঘৰ্ষ হোৱা স্থানত ব্যাপক জনসমাগম হোৱাৰ কথাও উল্লেখ কৰিছে ভাৰতীয় সেনাই ৷
ইফালে বৃহস্পিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ অৱশ্যে মণিপুৰৰ চুৰাচান্দপুৰলৈ গৈ থকা ৰাহুল গান্ধীৰ কনভয়ক স্থানীয় আৰক্ষীয়ে ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা বিষ্ণুপুৰৰ ওচৰৰ এটা চেক পোষ্টত বাধা প্ৰদান কৰা কৰে ৷