অসম

assam

By

Published : Jun 25, 2023, 11:11 AM IST

ETV Bharat / bharat

Manipur Violence : ৰাইজৰ দাবীত সেনাই মুকলি কৰিলে ধৃত ১২ উগ্ৰপন্থীক

মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় সেনাই । ইয়াৰ মাজতে মহিলা আৰু স্থানীয় লোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই সেনাই মুকলি কৰি দিলে ১২ উগ্ৰপন্থীক । এক অভিযানত সেনাই আটক কৰিছিল নিষিদ্ধ সংগঠন কেৱাইকেএলৰ কেডাৰকেইজনক ।

Manipur Violence
ৰাইজৰ দাবীত সেনাই মুকলি কৰিলে ধৃত ১২ টা উগ্ৰপন্থীক

নেশ্যনেল ডেস্ক,২৫ জুন :মণিপুৰৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । শেহতীয়া তথ্য অনুসৰি, ভাৰতীয় সেনাই স্থানীয় মহিলাৰ হেঁচাত ১২ জন উগ্ৰপন্থীক মুকলি কৰিবলৈ বাধ্য হয় । শনিবাৰে, নিৰাপত্তা বাহিনীয়ে এক অনুসন্ধান অভিযান আৰম্ভ কৰিছিল । য'ত ১২ জন নিষিদ্ধ কেৱাইকেএলৰ কেডাৰক আটক কৰিছিল । কিন্তু তাৰ পাছতে ১২০০ৰো অধিক মহিলাৰ এটা দলে সেনাক ঘেৰি ধৰে । মহিলাসকলে আটকাধীন উগ্ৰপন্থীসকলৰ মুক্তিৰ দাবী জনায় । মহিলাসকলৰ এই হেঁচাত ভাৰতীয় সেনাই কোনো ধৰণৰ আক্ৰমণাত্মক পদক্ষেপ গ্ৰহণ নকৰি সন্দেহজনক উগ্ৰপন্থীকেইজনক মুকলি কৰি দিয়ে ।

এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে অঞ্চলটো সেনাই ঘেৰাও কৰি ৰাখিছে । অৱশ্যে, এই মুহূৰ্তত কোনো অভিযান চলোৱা হোৱা নাই । ২৪ জুনৰ পুৱা ইম্ফল পূব জিলাৰ ইথাম গাঁৱত নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত এক অভিযান আৰম্ভ কৰা হয় । সেনাই অস্ত্ৰ, গোলাবাৰুদ আৰু বিভিন্ন যুদ্ধৰ সঁজুলি জব্দ কৰে । সেনাই কোৱা মতে স্থানীয় লোকসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি নিৰ্দিষ্ট অনুসন্ধান আৰম্ভ হোৱাৰ পূৰ্বে অঞ্চলটো ঘেৰাও কৰা হৈছিল ।

বিবৃতি অনুসৰি অভিযানত ১২ টা কেৱাইকেএল কেডাৰ আটক হৈছিল । কিন্তু মহিলা আৰু স্থানীয় নেতাৰ নেতৃত্বত প্ৰায় ১২০০ ৰ পৰা ১৫০০ গৰাকী লোক ৰাজপথলৈ ওলাই আহে আৰু সেনাক ঘেৰি ধৰে । জনতাৰ এনে আক্ৰমণাত্মক ৰূপ দেখি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় আৰু স্থানীয় লোকৰ দাবী অনুসৰি সেনাই উক্ত ১২ জন উগ্ৰপন্থীক মুকলি কৰি দিয়ে ।

প্ৰেছ বিজ্ঞপ্তি অনুসৰি আটকধীন উগ্ৰপন্থী কেইজনৰ ভিতৰত আছিল কেৱাইকেএলৰ স্বঘোষিত লেফটেনেণ্ট কৰ্ণেল মইৰাংথেম তাম্বা ওৰফে উত্তম । তেওঁ ২০১৫ চনত ৬ষ্ঠ ডোগ্ৰা বেটেলিয়নত হোৱা আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল বুলি সন্দেহ কৰা হয় । এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, অপাৰেশ্যনেল কমাণ্ডাৰৰ ফালৰ পৰা এক পৰিপক্ক সিদ্ধান্তই ভাৰতীয় সেনাৰ মানৱীয় দৃষ্টিভংগী প্ৰদৰ্শন কৰিছে ।

মণিপুৰত চলি থকা অস্থিৰতাৰ সময়ত ভাৰতীয় সেনাই যিকোনো দুৰ্ঘটনাজনিত ক্ষতি পৰিহাৰ কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে । ভাৰতীয় সেনাই মণিপুৰৰ জনসাধাৰণক শান্তি আৰু স্থিৰতা অনাৰ বাবে নিৰাপত্তা বাহিনীক সহায় কৰিবলৈও আহ্বান জনাইছে ।

লগতে পঢ়ক :Manipur Violence: মণিপুৰক কাশ্মীৰলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে নেকি কেন্দ্ৰই ? প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details