অসম

assam

By

Published : Jun 27, 2021, 12:10 PM IST

ETV Bharat / bharat

ইন্দিৰা গান্ধীৰ পৰাজয়ৰ পৰা মোডীয়ে শিক্ষা লোৱা উচিত: মানিক সৰকাৰ

প্ৰধানমন্ত্ৰী মোডীক ইন্দিৰা গান্ধীৰ নিৰ্বাচনী পৰাজয়ৰ পৰা শিক্ষা লোৱাৰ আহ্বান জনালে ত্ৰিপুৰাৰ বিৰোধী নেতা আৰু পলিটব্যুৰো সদস্য মানিক সৰকাৰে ৷ বিতৰ্কিত কৃষি বিধেয়ক আৰু বিদ্যুৎ বিধেয়কৰ বিৰুদ্ধে দলে আয়োজন কৰা এক প্ৰতিবাদত অংশ লৈ এই আহ্বান মানিক সৰকাৰৰ ৷

manik sarkar urges pm modi to take lessons from indira gandhis poll defeat
ইন্দিৰা গান্ধীৰ বিফলতাৰ পৰা মোডীক শিক্ষা লোৱাৰ আহ্বান মানিক সৰকাৰৰ

আগৰতলা, 27 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰাজয়ৰ পৰা শিক্ষা লোৱাৰ আহ্বান ত্ৰিপুৰাৰ বিৰোধী নেতা আৰু পলিটব্যুৰো সদস্য মানিক সৰকাৰৰ ৷ দেশত আভ্যন্তৰীণ জৰুৰীকালিন অৱস্থা ঘোষণা কৰি ইন্দিৰা গান্ধীয়ে ৰাইজৰ সমাদৰ হেৰুৱাইছিল বুলি দাবী কৰি সৰকাৰে কয় যে, "এসময়ত বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলোৰে পৰা প্ৰশংসা লাভ কৰা ইন্দিৰা গান্ধীয়ে জৰুৰীকালিন অৱস্থা ঘোষণা কৰাৰ পাচতে ৰাইজৰ সমাদৰ হেৰুৱাইছিল ৷ ইয়াৰ ঠিক পাচতে অনুষ্ঠিত নিৰ্বাচনত তেওঁ পৰাজয়ৰ সন্মুখীন হৈছিল ৷"

বিতৰ্কিত কৃষি বিধেয়ক আৰু বিদ্যুৎ বিধেয়কৰ বিৰুদ্ধে দলে আয়োজন কৰা এক প্ৰতিবাদত অংশ লৈ তেওঁ এইবুলি কয়, "কৃষকসকলে যোৱা সাত মাহ ধৰি প্ৰতিবাদ কৰি আহিছে ৷ আমাৰ দলে এই আন্দোলনলৈ পূৰ্ণ সহযোগিতা আগবাঢ়াইছে ৷ কিন্তু এই প্ৰতিবাদৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱ অত্যন্ত হতাশাজনক ৷ এনে লাগিছে যেন, তেওঁলোক ক্ষমতাৰ অহংকাৰত অন্ধ হৈ পৰাৰ লগতে কৃষকসকলৰ দুৰ্দশাক লৈ অলপো চিন্তিত নহয় ৷"

বিদ্যুৎ বিধেয়কৰ সৈতে এই তিনি কৃষি বিধেয়ক প্ৰকৃতাৰ্থত সমগ্ৰ কৃষিখণ্ডক কিছুমান পুঁজিপতিৰ হাতলৈ হস্তান্তৰ কৰাৰ প্ৰয়াসৰ বাদে একো নহয় বুলি মন্তব্য কৰি সৰকাৰে কয় যে, এই প্ৰচেষ্টাই কেৱল কৃষি খণ্ডক অস্থিৰ কৰাই নহয়, সাধাৰণ লোকসকলৰো যথেষ্ট ক্ষতি কৰিব ৷ ইন্দিৰা গান্ধীৰ কথা উল্লেখ কৰি তেওঁ কয়, "ইন্দিৰা গান্ধী এগৰাকী এগৰাকী শক্তিশালী নেত্ৰী আছিল ৷ কাৰাগাৰৰ পিছফালে থকা সকলো বিৰোধী কণ্ঠস্বৰ একাষৰীয়াকৈ থৈ তেওঁ জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছিল ৷"

সৰকাৰে লগতে এইবুলিও কয় যে, "তেওঁ ভাবিছিল যে, কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি সেইসকল লোকে কিবা কৰাৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ সকলো গণতান্ত্ৰিক নিয়ম ওফৰাই 6টাকৈ বছৰ শাসনত থাকি জৰুৰীকালিন অৱস্থা ঘোষণাৰ দুবছৰ পাচত তেওঁ 1977 চনত নিৰ্বাচন অনুষ্ঠিত কৰিছিল ৷ কিন্তু, তেওঁৰ দলে বেয়াকৈ মুখ থেকেচা খাব লগাত পৰে ৷ আজি জৰুৰীকালিন অৱস্থা ঘোষণাৰ 46 বছৰ সম্পূৰ্ণ হ'ল ৷ ভাৰতৰ গণতন্ত্ৰৰ আটাইতকৈ আন্ধাৰ এই সময়েই এই কথা প্ৰমাণ কৰে যে, ক্ষমতা কাৰো বাবে চিৰন্তন নহয় ৷ "

লগতে পঢ়ক:মন্ত্ৰীসভা সম্প্ৰসাৰণ: ৩ ঘণ্টীয়া বৈঠক বিজেপি বিধায়কৰ

ABOUT THE AUTHOR

...view details