আগৰতলা, ১ ডিচেম্বৰ :ত্ৰিপুৰাৰ শেহতীয়া নগৰ সমিতি আৰু পৌৰ নিগমৰ নিৰ্বাচনক ভেকোঁভাওনা আখ্যা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ (Manik Sarkar terming municipal election as a farce) । তেওঁৰ মতে এই নিৰ্বাচনৰ বেছিখিনি আছিল প্ৰৱঞ্চনাৰে ভৰা আৰু তেওঁৰ দলে সেয়ে ইয়াক বৈধ বুলি বিবেচনা নকৰে । মানিক সৰকাৰে দাবী কৰা মতে ২০১৮ চনত বিজেপি শাসনলৈ অহাৰ পাছত ৰাজ্যখনত কোনো নিৰ্বাচনে মুক্ত আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত হোৱা নাই ।
নেতাগৰাকীৰ মতে যোৱা পৌৰ নিগমৰ নিৰ্বাচনত বহু লোকে ভোটাধিকাৰত ব্যৰ্থ হৈছে । ইয়াক নিৰ্বাচন বুলি কেনেকৈ ক'ব বুলিও তেওঁ প্ৰশ্ন কৰে । তেওঁ দাবী কৰা মতে ফলাফল, ভোটৰ শতাংশ যি দেখুওৱা হৈছে সেয়া সম্পূৰ্ণ মিছা আছিল । তেওঁৰ অভিযোগ বিজেপি বাহিনীয়ে বহু স্থানত আক্ৰমণ চলাইছিল ।