আগৰতলা,১৫ ফেব্ৰুৱাৰী :শেহতীয়াকৈ চিপিআই(এম)ৰ কৰ্মী বেনু বিশ্বাসৰ হত্যাকাণ্ডৰ ঘটনাই (CPIM worker killed in Tripura) সমগ্ৰ ত্ৰিপুৰাতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । চিপিআই(এম)ৰ অভিযোগ বিজেপিৰ গুণ্ডাবাহিনীয়ে হত্যা কৰিছে বেনু বিশ্বাসক । চিপিআই(এম)ৰ বহু শীৰ্ষ নেতাই বেনু বিশ্বাসৰ পৰিয়ালৰ খবৰ ল'বলৈ তেওঁৰ বাসগৃহত উপস্থিত হোৱা দেখা গৈছে । ইয়াৰ মাজতে সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ,উপ-বিৰোধী নেতা বাদল চৌধুৰী, বিধায়ক ৰতন ভৌমিক আৰু সুধন দাস উপস্থিত হয় মৃত বেনু বিশ্বাসৰ বাসগৃহত ।
মানিক সৰকাৰৰ অভিযোগ এই ঘটনাৰ নিৰপেক্ষ তদন্তত ব্যৰ্থ হৈছে ত্ৰিপুৰা আৰক্ষী । শাসকীয় দলৰ হত্যাকাৰী গুণ্ডাবাহিনীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ কৰিছে নেতাগৰাকীয়ে । এই ক্ষেত্ৰত আৰক্ষী সঞ্চালক প্ৰধানৰ ভূমিকাক সমালোচনা কৰে নেতাগৰাকীয়ে (Manik Sarkar criticizes Tripura police)। নিৰ্মমভাৱে হত্যা কৰা বেনু বিশ্বাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ নেতাগৰাকীয়ে কয় যে এই ঘটনা অমানৱীয় আৰু বৰ্বৰ ।
নেতাগৰাকীৰ মতে বেনু বিশ্বাসৰ পৰিয়াৰ সৈতে তেওঁলোকে কথা পাতিছে । জানিব পৰা মতে বেনু বিশ্বাসক পূৰ্বেও আক্ৰমণ কৰা হৈছিল । আনকি বেনুৰ আন এগৰাকী ভাতৃও কেইদিনমান পূৰ্বে আক্ৰমণৰ সন্মুখীন হৈছিল ।