ত্ৰিপুৰা,1 এপ্ৰিল:টিটিএএডিচি (ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিল) ত শক্তিশালী তথা কাৰ্যকৰী শাসনৰ বাবে বাঁওপন্থীক অধিক শক্তিশালী কৰিব লাগে বুলি বুধবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিৰোধী নেতা মাণিক সৰকাৰে ৷ কমলপুৰ মহকুমাৰ অধীনৰ শান্তিৰবাজাৰ অঞ্চলত এক নিৰ্বাচনী সভা সম্বোধন কৰাৰ সময়ত এই মন্তব্য কৰাৰ লগতে সৰকাৰে শাসনাধীষ্ঠ বিজেপি-আইপিএফটি চৰকাৰক ভূৱা প্ৰতিশ্ৰুতিসমূহৰ বাবে সমালোচনাৰে থকা-সৰকা কৰে ৷
চৰকাৰৰ ভূৱা স্বৰূপ সম্পৰ্কে এতিয়া ত্ৰিপুৰাৰ ৰাইজ ভালদৰে অৱগত বুলি মন্তব্য কৰি সৰকাৰে লগতে এইবুলি কয়, "বিজেপি চৰকাৰে বহুত প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৷ ত্ৰিপুৰাক এক নতুন ৰূপত সজাই তোলাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে ভোটাৰ ৰাইজৰ মনত এইক্ষেত্ৰত বিশ্বাস জন্মোৱাৰ উদ্দেশ্যে তেওঁলোকে চেষ্টাৰ কোনো ক্ৰুটি ৰখা নাছিল ৷ কিন্তু, আজিৰ তাৰিখলৈকে তেওঁলোকে এটাও প্ৰতিশ্ৰুতি নাৰাখিলে" ৷ লগতে কয় যে, "এতিয়া ত্ৰিপুৰাত খাদ্য আৰু কাম একোৰে নিশ্চয়তা নাই ৷ যাৰ ফলস্বৰূপে ৰাজ্যখনৰ শিক্ষিত যুৱক বিশেষকৈ জনজাতীয় অঞ্চলৰ যুৱকসকল কাম তথা জীৱিকাৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ গুচি যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে" ৷