নেশ্যনেল ডেস্ক, 8 মাৰ্চ: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰূপে একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে মানিক সাহাই (Manik Saha takes oath as Tripura CM) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ত্ৰিপুৰাৰ বিবেকানন্দ খেলপথাৰত বুধবাৰে অনুষ্ঠিত হ’ল ত্ৰিপুৰা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে গৃহমমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (Tripura new govt oath taking) ৷ মানিক সাহাৰ লগতে বুধবাৰে ৰতন লাল নাথ, প্ৰাণজিৎ সিনহা ৰায়, সান্তনা চাকমা, সুশান্ত চৌধুৰী, টিংকু ৰায়, বিকাশ দেৱ বাৰ্মা, সুধাংশু দাস, সুক্লা চৰণ নোআটিয়াকে ধৰি আন আঠজন কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে ৷
উল্লেখ্য যে, কংগ্ৰেছৰ দলৰ পৰা 2016 চনত বিজেপিত যোগদান কৰা মানিক সাহাই ত্ৰিপুৰাত বিজেপিৰ ভাৱমূৰ্তি যথেষ্ট বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৷ ইফালে, বিপ্লৱ দেৱৰ পদত্যাগৰ পাছত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাবে দ্বায়িত্ব গ্ৰহণ কৰি পুনৰবাৰ বিজেপিক জয়ৰ দিশেৰে লৈ যোৱাৰ বাবে মানিক সাহাক বিজেপিয়ে সমস্যা-নিৰাময়ক হিচাবেও গণ্য কৰে (Tripura assembly election results) ৷