অসম

assam

ETV Bharat / bharat

মাংগালুৰু নাও দুৰ্ঘটনাঃ ৩ জন নিহত, ৬ জন সন্ধানহীন - ৬ জন সন্ধানহীন

মাংগালুৰু উপকূলত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩ জন মাছমৰীয়াই । এতিয়াও ৬ জন মাছমৰীয়া সন্ধানহীন হৈ আছে । বৰ্তমানলৈকে ৫ গৰাকী মাছমৰীয়াক উদ্ধাৰ কৰিছে উপকূলৰক্ষী বাহিনীয়ে ।

মাংগালুৰু উপকূলত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩ জন মাছমৰীয়াই
মাংগালুৰু উপকূলত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩ জন মাছমৰীয়াই

By

Published : Apr 13, 2021, 10:01 PM IST

নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: মাংগালুৰু বন্দৰৰ পৰা ৮০ কিঃমিঃ দূৰত এখন মাছ মৰা নাও দুৰ্ঘটনাগ্ৰস্ত হৈ ৩ জনৰ মৃত্যু । মঙলবাৰে পুৱা প্ৰায় ২.৩০ বজাত এই ঘটনা সংঘটিত হয় । ইয়াৰ পিছতে নাওখন ডুবি যায় । নাওখনত ১৪ জন মাছমৰীয়া আছিল আৰু ইয়াৰে পাঁচজনক উদ্ধাৰ কৰা হৈছে । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জাহাজ আৰু বিমানৰ জৰিয়তে আন ৬ জন মাছমৰীয়াক বিচাৰি উলিয়াবলৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

এক বিশেষ সূত্ৰই জনোৱা মতে, ক'জিকোডস্থিত এজন ব্যক্তিৰ মালিকানাধীন এই নাওখনৰ সৈতে এখন ডাঙৰ জাহাজৰ সংঘৰ্ষ হৈছিল । অৱশ্যে, ই টিভি ভাৰতে ইয়াৰ কোনো প্ৰমাণিত তথ্য লাভ কৰা নাই । নাওখনত থকা ১৪ জন মাছমৰীয়াই কেৰালাৰ পৰা মাছ ধৰা অভিযান আৰম্ভ কৰিছিল আৰু মাংগালুৰুলৈ গৈ আছিল ।

উল্লেখ্য যে, ২০১৮ চনৰ ডিচেম্বৰ মাহত উদুপীৰ পৰা এখন মাছ ধৰা নাও সন্ধানহীন হৈছিল । চাৰি মাহৰ পিছত মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ জিলাৰ মালভান উপকূলৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ পশ্চিম-দক্ষিণ-পশ্চিমত নাওখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক:মিজোৰামৰ বক্সাৰ লালৰিনচাংগালৈ ক্ৰীড়ামন্ত্ৰীৰ দহ লাখ টকাৰ পুৰস্কাৰ

ABOUT THE AUTHOR

...view details