নিউজ ডেস্ক, 20 নৱেম্বৰ: মাংগালুৰুত সংঘটিত অ’টোৰিক্সা বিস্ফোৰণৰ ঘটনাটো (Mangaluru autorickshaw blast) দুৰ্ঘটনা নহয়, বৰঞ্চ এক সুপৰিকল্পিত সন্ত্ৰাসমূলক কাৰ্য (Terror with intention)৷ বৃহৎ ক্ষতিৰ উদ্দেশ্যেই এই কাণ্ড সংঘটিত কৰা হৈছিল ৷ কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীন ছুডে টুইটাৰযোগে প্ৰকাশ কৰিছে এই কথা ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, বৰ্তমান এইটো এটা পৰিকল্পিত বিস্ফোৰণ বুলি নিশ্চিত কৰা হৈছে ৷ কেন্দ্ৰীয় সংস্থাৰ সৈতে মিলিত হৈ কৰ্ণাটক আৰক্ষীয়ে ইয়াৰ উপযুক্ত তদন্ত কৰিব ৷
শনিবাৰে মাংগালুৰুত এখন চলন্ত অ’টোৰিক্সাৰ বিস্ফোৰণ ঘটে ৷ এই বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ লগতে ক’লা ধোঁৱাই অঞ্চলটো ছানি ধৰে ৷ এই ঘটনাত অ’টোৰিক্সাখনৰ চালক আৰু এগৰাকী যাত্ৰীসহ কেইবাজনো লোক অগ্নিদগ্ধ হয় (Autorickshaw blast in Mangaluru)৷
মাংগালুৰুৰ গাৰোডীৰ সমীপত সংঘটিত অটোৰিক্সা বিস্ফোৰণৰ পাচত দেওবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ চাৰিজনীয়া বিষয়াৰ এটা দলে সেই স্থান পৰিদৰ্শন কৰে । অ’টোৰিক্সাখন বিস্ফোৰণ হোৱা ঠাইখিনি পৰিদৰ্শন কৰে তদন্তকাৰী বিষয়াসকলে ৷ আৰক্ষীয়ে সেই স্থানত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।