অসম

assam

By

Published : Jul 31, 2021, 6:57 AM IST

ETV Bharat / bharat

স্বৰ্গীয় স্বামী ৰাজ কৌশলৰ স্মৃতিত পূজা আয়োজন মন্দিৰা বেদীৰ

মন্দিৰা বেদীয়ে তেওঁৰ স্বৰ্গীয় স্বামী ৰাজ কৌশলৰ স্মৃতিত আয়োজন কৰিছে পূজা । যোৱা 30 জুনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল ৰাজ কৌশলে । মাণ্ডিৰা আৰু ৰাজে 1999 চনত বিবাহপাশত আৱদ্ধ হৈছিল ।

Mandira Bedi performs pooja in memory of her late husband Raj Kaushal - see pic
স্বৰ্গীয় স্বামী ৰাজ কৌশলৰ স্মৃতিত পূজা আয়োজন কৰিছে পত্নী মাণ্ডিৰা বেদীয়ে

নেশ্যনেল ডেস্ক, 31 জুলাই : শুকুৰবাৰে পৰিচালক ৰাজ কৌশলৰ এমাহৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নিজ বাসগৃহত পূজাৰ আয়োজন কৰে অভিনেত্ৰী মন্দিৰা বেদীয়ে । ইনষ্টাগ্ৰাম ষ্ট‘ৰীত মান্দিৰাই এখন ফটো পোষ্ট কৰিছিল, য'ত তেওঁক তেওঁৰ সন্তান বীৰ আৰু তাৰাৰ সৈতে হৱন কুণ্ডৰ সন্মুখত বহি থকা দেখিবলৈ পোৱা গৈছে ৷ মান্দিৰাই ছবিখনৰ শিৰোনামত ‘30 সংখ্যক দিন’ বুলি লিখি কাষতে এটা হাতজোৰ কৰা ইমোজি দিছিল ।

যোৱা 30 জুনত মান্দিৰাৰ স্বামী তথা ছবি পৰিচালক ৰাজ কৌশলে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল । কৌশলে 1989 চনত কপিৰাইটাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছত মুকুল আনন্দৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল । ইয়াৰ পিছতে তেওঁ ‘প্যাৰ মে কভী কভী’ আৰু ‘শাদী কা লাড্ডু’ৰ দৰে চলচ্চিত্ৰ পৰিচালনা কৰিছিল । অৱশেষত, ৰাজে তেওঁৰ নিজা বিজ্ঞাপন-প্ৰযোজনা কোম্পানী ‘ফুৱেল’ স্থাপন কৰে আৰু 800 ৰো অধিক বিজ্ঞাপন পৰিচালনা কৰে ।

কৌশলে পৰিচালনা কৰা অন্তিম বিজ্ঞাপনবোৰৰ ভিতৰত এটা আছিল বিকি কৌশলৰ সৈতে।

কিছুদিনপূৰ্বে, মন্দিৰাই সকলোকে ধন্যবাদ জনাই এটা পোষ্ট কৰিছিল, বিশেষকৈ তেওঁৰ পৰিয়ালক, যিসকলে ইমান কঠিন সময়ত তেওঁৰ কাষত থিয় দিছিল। ‘সকলোলৈ মৰম ৷ মোৰ পৰিয়াল আৰু সকলোৰে সমৰ্থন আৰু দয়াৰ বাবে কৃতজ্ঞ’ বুলি তেওঁ পোষ্টটোত লিখিছিল। শেহতীয়াকৈ, মন্দিৰাই তেওঁৰ জীয়াৰী তাৰাৰ পঞ্চম জন্মদিনো উদযাপন কৰিছে ৷ তাৰাক মন্দিৰা আৰুি ৰাজে যোৱা বছৰৰ জুলাই মাহত তুলি লৈছিল ।

লগতে পঢ়ক:শ্বহীদৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ গৈ মৃত্যুক সাৱতিলে এটি শিশুৱে

ABOUT THE AUTHOR

...view details