যোগ সাধনা অনুযায়ী টোপনি হ’ল নিজকে আৰোগ্য কৰি ৰাখিবৰ বাবে এনে এক প্ৰাকৃতিক ধ্যান, যাক আমাৰ এই গ্ৰহটোৰ প্ৰতিটো জীৱই প্ৰত্যেক নিশাই পালন কৰে নাইবা কৰা উচিত ৷ “বডী ক্লক”টো এনেকৈ বিকশিত হৈছে যে ইয়াক আমাৰ শৰীৰটোৰ ক্ৰীয়া কলাপবোৰ সুকলমে চলাই নিবৰ বাবে তথা পুনৰুজ্জীৱিত কৰি তুলিবলৈ পৰ্যাপ্ত পৰিমাণৰ ‘নিদ্ৰা সময়’ তথা গুণগত নিদ্ৰাৰো প্ৰয়োজন হয় ৷ এই সম্পৰ্কে কিছু আমোদজনক তথ্য জানিবৰ বাবে ফিজঅ’থেৰাপিষ্ট, অল্টাৰনেটিভ মেডিছিন প্ৰেক্টিশ্বনাৰ আৰু যোগ শিক্ষক ডা° জাহ্নৱী কথৰাণীৰ সৈতে ই টিভি ভাৰত সুখীভৱৰ কথপোকথনৰ কিয়দংশঃ
ইনছ’মনিয়া বা নিদ্ৰাহীনতাঃইনছ’মনিয়া বা নিদ্ৰাহীনতাৰ ৰোগ হ’ল অহৰহ ভাৱে টোপনি যোৱাত অসুবিধা পোৱা, সকলো সময়তে শুবলৈ মন গৈ থকা নাইবা টোপনি সম্পূৰ্ণ হোৱাৰ পাচতো শৰীৰলৈ সতেজতা নহা ৷ নিদ্ৰাহীনতাত ভূগি থকা ব্যক্তিয়ে আনকি ঘন্টাৰ পাচত ঘন্টা সময় ধৰি শুৱাৰ পাচতো তন্দ্ৰালুৰ দৰে অনুভৱ কৰি থাকে ৷ নিদ্ৰাহীনতাৰ সৈতে পুৱাতে জঠৰ জঠৰ লাগি থকা নাইবা ভাগৰুৱা ভাগৰুৱা লগা অনুভৱো জড়িত হৈ আছে ৷ ইয়াৰ উপৰি কোনো ব্যক্তি সমগ্ৰ দিনটো টোপনিয়াইও থাকিব পাৰে আৰু অশান্তিতো ভূগি থাকিব পাৰে ৷ মধ্যমীয়াকৈ মূৰ্চ্ছা যোৱাৰ দৰে অনুভূতিও হ’ব পাৰে ৷ কোনো কোনো সময়ত হোৱা শৰীৰৰ মাংসপেশীৰ জঠৰতাবোৰৰ বিষয়েও উল্লেখ কৰিব পাৰি ৷
‘একিউট’ বা হঠাতে হোৱাঃ যদি সপ্তাহত বা মাহত এটা বা দুটা নিশা টোপনি ক্ষতি হয় বা টোপনি যোৱাত অশান্তি হয় তেন্তে এইয়া আৰম্ভণিৰ পৰ্যায় হ’ব ৷ এনে অৱস্থাই আপোনাৰ স্বাস্থ্য নাইবা জীৱন শৈলীত প্ৰভাৱ পেলাবও পাৰে হয়তো নেপেলাবও পাৰে ৷
‘ক্ৰ’নিক’ বা বহুদিন ধৰি হৈ থকাঃএনে অৱস্থাত কোনো ব্যক্তি সপ্তাহত তিনিটাকৈ নিশা নাইবা তিনি মাহ বা তাতকৈও অধিক সময় ধৰি টোপনিৰ সমস্যাত ভূগি থাকিব পাৰে ৷ ইয়াৰ ফলত জীৱন শৈলী তথা স্বাস্থ্যৰ বিঘ্নিত হয় ৷
টোপনিঃ টোপনি হ’ল শৰীৰ আৰু মনক অধিক সুন্দৰকৈ কাৰ্যকলাপ চলাই নিবৰ বাবে বিশ্ৰাম প্ৰদান কৰা কাৰ্য, ইয়াৰ উদ্দেশ্য হ’ল লগতে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন সৰ্বৰাহ আৰু আভ্যন্তৰীণ বিপাকীয় কাৰ্যকলাপেৰে শৰীৰক পুনৰুজ্জীৱিত কৰি তুলা ৷ টোপনিত ঘটা যিকোনো সৰু বিসংগতিও আপোনাৰ বাবে কোনো উপযুক্ত পেচাদাৰী পৰামৰ্শদাতাৰ কাষ চপাৰ সংকেট হ’ব পাৰে ৷ বৰ্তমান উপলব্ধ প্ৰাচীন কালৰ সকলো যোগ সাহিত্য তথা গ্ৰন্থই যোগ সাধনাৰ জৰিয়তে টোপনি উন্নত কৰিবলৈ বহু কেইটা ব্যায়াম অনুশীলনৰ বিষয়ে উল্লেখ কৰিছে ৷
আহাৰ–বিহাৰঃ আহাৰ গ্ৰহণৰ সময়ৰ লগতে খাদ্যাভাস আৰু পুষ্টিয়েও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কিয়নো যি ধৰণৰ খাদ্য গ্রহণ কৰে অৱশেষত আপুনিও তেনে ৰূপেই ধাৰণ কৰে ৷ আপোনাৰ মগজুত বাহ লোৱা চিন্তাবোৰ আপোনাৰ মস্তিষ্কৰ খাদ্যৰ দৰেই আৰু ই আপোনাৰ নিদ্ৰাভ্যাসত প্ৰধান ভূমিকা পালন কৰে ৷ সেয়ে আমি মগজুৰ ইতিবাচক দিশৰ লগতে নিজৰ আৱেগিক ৰূপটোৰ প্ৰতি ধ্যান দিব লাগে ৷