নেশ্যনেল ডেস্ক,২৭ অক্টোবৰ :শেহতীয়াকৈ বিভিন্ন মাধ্যমত প্ৰচাৰিত ৱেব-ছিৰিজবোৰে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে । বিশেষকৈ ক্ৰাইম সম্বন্ধীয় বা অপৰাধমূলক ৱেব-ছিৰিজবোৰে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে । কিন্তু আপুনি শুনি আচৰিত হ'ব যে তেনে এক ৱেব-ছিৰিজত দেখুওৱা হত্যাকাণ্ডৰ নকল কৰিলে এজন যুৱকে (Bad impact of web series)। অনুৰূপ ধৰণে এজনক হত্যা কৰিলে যুৱকজনে । ইতিমধ্যে দিল্লী আৰক্ষীয়ে ঘটনাৰ অভিযুক্ত দুই যুৱকক আটক কৰিছে (Two arrested on Karol Bagh murder case)।
এই ঘটনা ৰাজধানী চহৰ দিল্লীৰ । মঙলবাৰে দিল্লীৰ কৰোল বাগৰ নলাৰ পৰা আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰিছে । মৃতদেহটো উদ্ধাৰৰ পাছতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
আৰক্ষীৰ তদন্তত মৃতদেহটো কৰোল বাগৰ বিষ্ণু বুলি চিনাক্ত কৰা হৈছে । বিষ্ণুৰ মোবাইল নম্বৰ পৰীক্ষা কৰি আৰক্ষীয়ে দেখিছে যে দুজন লোকে তেওঁ শেহতীয়াকৈ ফোন কৰিছিল । লোক দুজনৰ অৱস্থান ৰাজস্থানৰ চুৰু জিলাৰ বুলি আৰক্ষীয়ে জানিব পাৰিছিল ।
লগে লগে আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত দুজনক আটক কৰিছে । অভিযুক্ত দুজন চুৰু জিলাৰ বাসিন্দা সঞ্জয় বুচা আৰু সীতাৰাম সুথাৰ বুলি জানিব পৰা গৈছে । আৰক্ষী উপ-আয়ুক্ত শ্বেতা চৌহানে ঘটনা সন্দৰ্ভত কয় যে হত্যাৰ মূল অভিযুক্ত সঞ্জয়ে আৰক্ষীক কৈছে যে মৃত বিষ্ণুৰ ৰাজস্থানৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ।