অসম

assam

ETV Bharat / bharat

শত্ৰুতাৰ প্ৰতিশোধ লবলৈ গৈ ছুৰীৰে হানি-খুচি নৃশংসভাৱে হত্যা এজনক - নৃশংসভাৱে হত্যা কৰিলে এজন লোকক

পূৰ্বৰ শত্ৰুতাৰ প্ৰতিশোধ লবলৈ গৈ ছুৰীৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰিলে এজন লোকক (Man stabbed to death)৷ এই জঘন্য ঘটনা সংঘটিত হৈছে কোচিত (Man stabbed to death in Kochi)৷

Etv Bharatছুৰীৰে হানি-খুচি হত্যা কৰি ললে প্ৰতিশোধ
Etv BharatMan stabbed to death in Kochi

By

Published : Sep 10, 2022, 7:53 PM IST

নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ: প্ৰতিশোধৰ ভয়ংকৰ পৰিণতি ৷ পূৰ্বৰ শত্ৰুতাৰ প্ৰতিশোধ লবলৈ গৈ ছুৰীৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰিলে এজন লোকক (Man stabbed to death)৷ এই নৃশংস ঘটনাটো সংঘটিত হৈছে কেৰালাৰ কোচিত (Man stabbed to death in Kochi)৷

শনিবাৰে পুৱা থাম্মানাম নামৰ এটি অঞ্চলত সজ্জন (28) নামৰ এজন লোকে লগৰ বন্ধুৰ সৈতে লগ হৈ কিৰণ এণ্টনী নামৰ এজন লোকৰ ঘৰলৈ যায় ৷ প্ৰাপ্ত তথ্য অনুসৰি, সজ্জনে ফেচবুকত এক উচতনিমূলক পোষ্ট আপলোড কৰিছিল আৰু সেই সন্দৰ্ভতে কিৰণে দলে বলে তেওঁৰ ঘৰত উপস্থিত হৈ বিভিন্ন প্ৰশ্নৰে জেৰা কৰে সজ্জনক ৷

ইয়াকে লৈ কিৰণ আৰু সজ্জনৰ মাজত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ এই বাক-বিতণ্ডাই এটা সময়ত ৰূপান্তৰিত হয় মাৰ-পিটৰ ঘটনালৈ আৰু অৱশেষত সজ্জনক ছুৰীৰে উপৰ্যুপৰি আঘাত কৰি হত্যা কৰে ৷

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সজ্জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে কিৰণক আঘাতপ্ৰাপ্ত অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে ৷ আৰক্ষীয়ে আঘাতপ্ৰাপ্ত কিৰণক সোধ-পোছ অব্যাহত ৰাখিছে (Police arrested one)৷ কিৰণৰ ভাষ্য অনুসৰি দুয়োৰ মাজত পুৰণি শত্ৰুতা আছিল ৷ এই শত্ৰুতাৰ ফলত পূৰ্বতেও বহুবাৰ কাজিয়া হৈছিল দুয়োটা দলৰ মাজত আৰু এই সন্দৰ্ভত কেইবাটাও গোচৰো ৰুজু কৰা হৈছিল ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই ঘটনাত সজ্জনৰ লগত যোৱা বন্ধুকেইটাও সামান্য আঘাতপ্ৰাপ্ত হৈছে ৷ আৰক্ষীয়ে সম্প্ৰতি সমগ্ৰ হত্যাকাণ্ড বিষয়ৰ লগতে ফেচবুকৰ বিতৰ্কিত পোষ্টটোৰ সন্দৰ্ভতো তদন্ত চলাইছে ৷

লগতে পঢ়ক:অন্ধ্ৰপ্ৰদেশত নৃশংস হত্যাকাণ্ড, হত্যাকাৰীয়ে কাটি নিলে অসমৰ যুৱকৰ দেহৰ অংগ

ABOUT THE AUTHOR

...view details