অসম

assam

ETV Bharat / bharat

Man slits a persons throat in karnataka : পাৰিবাৰিক সংঘাতৰ বাবেই ডিঙি কাটি তেজ খোৱাৰ চেষ্টা ! - এক নৃশংস কাণ্ড

কৰ্ণাটকত সংঘটিত হৈছে এক অকল্পনীয় ঘটনা ৷ মনোমালিন্যৰ বাবেই এজন লোকৰ ডিঙি কাটি তেজ খোৱাৰ চেষ্টা আন এজনৰ ৷

Man slits a persons throat in karnataka
পাৰিবাৰিক সংঘাতৰ বাবেই ডিঙি ফালি তেজ খোৱাৰ চেষ্টা

By

Published : Jun 26, 2023, 12:49 PM IST

Updated : Jun 26, 2023, 1:42 PM IST

নেশ্যনেল ডেস্ক, 26 জুন :দেশত সংঘটিত হৈছে এক নৃশংস কাণ্ড ৷ কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাৰ চিন্তামণি তালুকত এজন লোকৰ ডিঙি কাটি তেজ খোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ পিচতে গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক । ঘটনাটো চাৰি-পাঁচদিন পূৰ্বে সংঘটিত হোৱা বুলি জানিবলৈ পৰা গৈছে ৷ ঘটনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

ভিডিঅ’টোত এজন ডিঙিত আঘাত পোৱা লোকক মাটিত পৰি থকা পৰিলক্ষিত হৈছে আৰু তেওঁৰ আঘাতপ্ৰাপ্ত অংশৰ পৰা তেজ ওলাই থকা দেখিবলৈ পোৱা গৈছে । আঘাতপ্ৰাপ্ত লোকজনৰ কাষত বহি থকা লোকজনে ডিঙিৰ ঘাঁ হোৱা তেজ খাবলৈ ধৰাৰ ভয়াৱহ দৃশ্য বন্দী হৈছে কেমেৰাত । ইয়াৰ পিচতে আঘাতপ্ৰাপ্ত লোকজনক ক্ৰন্দনৰত অৱস্থাতে এৰি থৈ যোৱা দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত ।

ঘটনা সন্দৰ্ভত, চিন্তামণি তালুকৰ বটলাহল্লীৰ বাসিন্দা বিজয় নামৰ অভিযুক্তজনৰ বিৰুদ্ধে কেঞ্চাৰলাহল্লী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে । বিজয়ক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে চেলুৰ তালুকৰ মাদেমপল্লীৰ বাসিন্দা তথা ভুক্তভোগী মাৰেশক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক জানিবলৈ দি কয় যে, বিজয় আৰু মাৰেশৰ মাজত পাৰিবাৰিক কাৰণত মনোমালিন্য ঘটিছিল । দুয়োৰে সম্পৰ্ক সন্দৰ্ভত চুবুৰীয়াই বিজয়ৰ মাৰেশৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক আছিল আৰু ইয়াকে লৈ দুয়োৰে মাজত কাজিয়া হৈছিল বুলি জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, চাৰিদিন পূৰ্বে বিজয়ে চিন্তামণি তালুকৰ চিদ্দেপল্লী ক্ৰছৰ ওচৰলৈ বিজয়ক আহিবলৈ কৈছিল । তাতে দুয়োৰে মাজত পাৰিবাৰিক বিষয় এটাক লৈ তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিচতে বিজয়ে খঙত মাৰেশৰ ডিঙি চাকুৰে হানি পেলাইছিল আৰু মাৰেশৰ ডিঙিৰ পৰা ওলোৱা তেজ খোৱাৰ চেষ্টা কৰে বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, পথচাৰী এজনে সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী কৰিছিল নিজৰ মোবাইলৰ কেমেৰাত আৰু সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ভিডিঅ’টো ৷

লগতে পঢ়ক :Russian Air Strikes : ৰাছিয়াই আক্ৰমণ চলালে ছিৰিয়াত

Last Updated : Jun 26, 2023, 1:42 PM IST

ABOUT THE AUTHOR

...view details