নেশ্য়নেল ডেস্ক, ১ জানুৱাৰী : নতুন বছৰৰ আনন্দ উল্লাহৰ মাজতে গুজৰাটৰ আহমেদাবাদত নৃশংস হত্য়াকাণ্ড । চহৰখনৰ সমীপৰ বাস্ত্ৰল অঞ্চলত এজন লোকক গুলীয়াই হত্য়া কৰে দুই দুৰ্বৃত্তই ।
ৰাধে চেম্বাৰ্চৰ ৰাজহুৱা স্থানত দুই দুৰ্বৃত্তৰ কেইবাজাঁই গুলীত নিহত হয় যশ্বৱন্ত সিং নামৰ এজন যুৱক । নিশা প্ৰায় ৮ মান বজাত ধনৰ লেনদেনৰ সময়তে যুৱকজনক গুলীয়াই হত্য়া কৰে দুই দুৰ্বৃত্তই । ইতিমধ্য়ে ঘটনাৰ দুই অভিযুক্ত ক্ৰমে অৰ্পন পাণ্ডে আৰু সুশীল সিঙক আৰক্ষীয়ে আটক কৰিছে । এই ঘটনাত থিতাতে নিহত হোৱা যশ্বৱন্ত সিঙৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে ।