নেশ্যনেল ডেস্ক, 20 আগষ্ট : ঘৰুৱা বিবাদৰ ভয়ংকৰ পৰিণতি ৷ দেওবাৰে দিন দুপৰতে পত্নী আৰু তেওঁৰ দুই ভাই আৰু ভগ্নীক গুলীয়াই হত্যা কৰিলে এজন ব্যক্তিয়ে ৷ মধ্যপ্ৰদেশৰ মোৰেণা জিলাৰ বাগচিনি গাঁৱৰ এটা বাছ ষ্টপেজত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷
প্ৰাপ্ত খবৰ অনুসৰি, ভন্দ জিলাৰ আতেৰৰ বাসিন্দা ৰাখীয়ে প্ৰায় এবছৰৰ পূৰ্বে ত্ৰিলোক পাৰমাৰ নামৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ নাছিল ৷ সেইবাবে তেওঁলোকৰ মাজত প্ৰায়েই কন্দলৰ সৃষ্টি হৈছিল ৷
এই সন্দৰ্ভত কথা পাতিবলৈ ৰাখীৰ ভাতৃ যুৱৰাজ আৰু ভগ্নী জুলিয়ে ত্ৰিলোকৰ মাতৃৰ সৈতে কথা পাতিবলৈ আহিছিল ৷ কিন্তু এই কথাই বিষম ৰূপহে ললে ৷ এই আলোচনাই ক্ৰমাৎ কাজিয়াৰ ৰূপ লয় ৷ তাৰ পিচত তিনিওৰে মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷