ত্ৰিপুৰা, 21 এপ্ৰিল:নিজৰ সম্পৰ্কীয় ভাতৃক হত্যাৰ অভিযোগত ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ এখন স্থানীয় আদালতে চন্দন অধিকাৰী নামৰ এজন ব্যক্তিক 23 বছৰ তিনিমাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ এই বিচাৰৰ জৰিয়তে আদালতে বিশ্ৰামগঞ্জ থানাত চলি থকা সাত বছৰ পুৰণি এটা গোচৰ নিষ্পত্তি কৰে ৷
বিশালগড় মহকুমাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 447, ধাৰা 326 আৰু ধাৰা 307 ৰ অধীনত অধিকাৰীক দোষী সাব্যস্ত কৰে ৷ চৰকাৰী অধিবক্তা জ্যোতি প্ৰসাদ দাসে কয় যে, "ভাৰতীয় দণ্ডবিধি আইনৰ তিনিটা ধাৰাৰ অধীনত অধিকাৰীক দোষী সাব্যস্ত কৰা হৈছে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 326 আৰু ধাৰা 307 ৰ অধীনত তেওঁক 10 বছৰকৈ মুঠ 20 বছৰকৈ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ধাৰা 447 অধীনত বাকী থকা শাস্তি বিহা হৈছে ৷"