নেশ্যনেল ডেস্ক,১০ মাৰ্চ: গোচৰ দিবলৈ নহয়, বিয়াৰ বাবে পাত্ৰী বিচাৰি মহিলা আৰক্ষী থানাত উপস্থিত হ'ল উত্তৰ প্ৰদেশৰ ছামেলি জিলাৰ এজন যুৱক । ২৬ বছৰীয়া আজিম মনছুৰী নামৰ এই যুৱকজনৰ উচ্চতা ৩ ফুট ২ ইঞ্চি । বিয়াৰ উপযুক্ত বয়স হোৱাৰ পিছতো পৰিয়ালৰ লোকে এগৰাকী জীৱনসংগী বিচাৰি দিয়াত ব্যৰ্থ হোৱাত নিৰাশ হৈ আৰক্ষীৰ কাষ চাপিল আজিম মনছুৰী ।
আজিম ছামেলি জিলাৰ ম'হাল্লাৰ বাসিন্দা । পৰিয়ালৰ ৬টা সন্তানৰ ভিতৰত আজিম তৃতীয় সন্তান । বিবাহৰ ক্ষেত্ৰত তেওঁৰ কম উচ্চতা এতিয়া বাধাৰ কাৰণ হৈ পৰিছে । বিবাহ সম্পন্ন নোহোৱাত হতাশ হৈ পৰিছে যুৱকজন । নিৰাশ হৈ আজিমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে প্ৰশাসনৰ উচ্চ বিষয়াসকলৰ পৰাও সহায় বিচাৰি পত্ৰ প্ৰেৰণ কৰে । মহিলা আৰক্ষী বিষয়াসকলে তেওঁৰ সকলো কথা শুনাৰ পিছত তেওঁক সহায় কৰাৰ আশ্বাস দিয়ে ।