নিউজ ডেস্ক, 6 ডিচেম্বৰ :মানুহ কিমান পাষাণ আৰু জঘন্য হ’লে নিজৰ পত্নীকেই ধৰ্ষণ কৰিব পাৰে ? মানুহ কিমান নীচ হ’লে নিজৰ পত্নীক অমানুষিক অত্যাচাৰ চলাব পাৰে ? মহাৰাষ্ট্ৰত সংঘটিত হোৱা এটা ঘটনাৰ খবৰ শুনিলে আচৰিত হোৱাৰ লগতে বুকু কঁপি উঠিব আপোনাৰ ৷
মহাৰাষ্ট্ৰত মুলুন্দ থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ লম্পট স্বামীৰ পাশৱিক কামানৰ বলি হ’ল পত্নী(Man allegedly rapes wife) ৷ নিজ পত্নীক মাৰপিট কৰাৰ লগতে উপৰ্যুপৰি ধৰ্ষণ স্বামীৰ ৷ কেৱল সিমানেই নহয়, পত্নীৰ গোপন অংগত ভৰাই দিলে প্লাষ্টিকৰ সামগ্ৰী ৷
ঘটনা অনুসৰি মহাৰাষ্ট্ৰ এম টি আগৰৱাল নামৰ চিকিৎসালয়খনত সোমাবাৰে ভৰ্তি হৈছিল এগৰাকী 35 বছৰীয়া মহিলা (woman raped by husband) ৷ মহিলাগৰাকীয়ে গোপন অংগত অত্যন্ত বিষ অনুভৱ কৰাৰ বাবে নিজেই ভৰ্তি হৈছিল চিকিৎসালয়খনত (MT Agarwal Hospital) ৷ প্ৰকৃততে কিয়, মহিলাগৰাকীৰ এনে হৈছে সেই কথা বাৰে চিকিৎসকে সোধাত মহিলাগৰাকীয়ে কয় যে, তেওঁৰ সুৰামত্ত স্বামীয়ে ঘৰলৈ আহি মহিলাগৰাকীক অতি বেয়াকৈ মাৰপিট কৰে ৷