নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ: পশ্চিম বংগৰ বাংকুৰা জিলাৰ এজন ৩৭ বছৰীয়া এজন লোকে এগৰাকী আঠ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Rape in West Bengal) ৷ অভিযোগ অনুসৰি, যাতে লোকজনে ধৰ্ষণৰ পাছত নাবালিকাগৰাকীৰ ব্যক্তিগত অংশৰ পৰা তেজ ল’ব পাৰে, যিয়ে তেওঁৰ বিবাহৰ বাবে থকা বাধা আঁতৰোৱাত সহায় কৰিব ৷ এইদৰে কলে আৰক্ষীয়ে ।
বাংকুৰাৰ বিষ্ণুপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হয় এই ঘটনাটো । এজন ব্যক্তিগত টিউচন মাষ্টৰ (Private tutor rapes girl) হিচাবে পৰিচিত অভিযুক্ত লোকজনৰ লগতে তেওঁৰ পৰামৰ্শদাতা এজন তান্ত্ৰিকক ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Man rapes girl to get minors blood for removing marriage obstacles)।
লগতে পঢ়ক:Tripura Left Front Dharna : নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ত্ৰিপুৰাত বাঁও ছাত্ৰ সংগঠনৰ প্ৰতিবাদ
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত লোকজনৰ বয়স বাঢ়ি যোৱাৰ বাবে তেওঁ বিবাহক লৈ উদ্বিগ্ন হৈ পৰিছিল আৰু কাষ চাপিছিল তান্ত্ৰিকৰ ৷ সেই তান্ত্ৰিকেই পৰামৰ্শ দিছিল যে যদি তেওঁ কোনো নাবালিকাৰ ব্যক্তিগত অংশৰ পৰা তেজেৰে তিতি থকা কাপোৰ এখন আনিব পাৰে তেন্তে তেওঁৰ সমস্যা সমাধান হ’ব পাৰে । ইয়াৰ পাছতেই অভিযুক্ত টিউচন মাষ্টৰজনে আকাংক্ষিত তেজ পাবলৈ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
পৰৱৰ্তী সময়ত নাবালিকাগৰাকীয়ে মাক-দেউতাকক ঘটনাটোৰ বিষয়ে অৱগত কৰে ৷ এই কথা জানিব পাৰি মাক-দেউতাকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ লগতে টিউচন মাষ্টৰজনৰ বিৰুদ্ধে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । যোৱা সপ্তাহত শিক্ষকজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দেওবাৰে তান্ত্ৰিকজনকো গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ।
আৰক্ষীয়ে জনোৱা মতে, নাবালিকাগৰাকী বৰ্তমান সুস্থিৰ ।
লগতে পঢ়ক:Murder case in Nagaon: মহিলাক ধৰ্ষণ কৰি উলংগ অৱস্থাত গছত ওলোমালে দুৰ্বৃত্তই