অসম

assam

ETV Bharat / bharat

পত্নীক হত্য়া কৰি পেলালে চাহ বাগানত, 20 দিনৰ অন্তত লাওখোলা উদ্ধাৰ - skeleton recovers after 20 days

সন্দেহৰ বশৱৰ্তী হৈ ছাৰখাৰ হ’ল এখন সংসাৰ ৷ এজন লোকে পত্নীক শ্বাসৰুদ্ধ কৰি হত্যা কৰি মৃতদেহ পেলাই দিলে চাহ বাগানত ৷ 20 দিনৰ অন্তত উদ্ধাৰ কৰা হৈছে পত্নীৰ নৰকংকাল ৷

Man kills wife and dumps body in tea garden
পত্নীক হত্য়া কৰি পুতিলে চাহ বাগানত, 20 দিনৰ অন্তত লাওখোলা উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:13 PM IST

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : পশ্চিম বংগৰ শিলিগুৰিৰ সমীপৰ বাগডোগ্ৰা আৰক্ষী থানাৰ অন্তৰ্গত পুটিমাৰী অঞ্চলত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ সন্দেহৰ বশৱৰ্তী হৈ মহাদেৱ নামৰ এজন লোকে পত্নীক শ্বাসৰুদ্ধ কৰি হত্যা কৰি মৃতদেহ পেলাই থৈ আহিলে চাহ বাগানৰ অৰণ্যত ৷ 20 দিনৰ অন্তত উদ্ধাৰ হৈছে পত্নীৰ কংকাল ৷

ইফালে লোকজনে নিজকে বচাবলৈ স্থানীয় আৰক্ষী থানাত পত্নী নিৰুদ্দেশৰ এক অভিযোগ দাখিল কৰিছিল। সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত স্বামী মহাদেৱ বিশ্বাসক (২৮) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ লোকজনক সোমবাৰে শিলিগুৰি আদালতত হাজিৰ কৰোৱা হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, অভিযুক্ত মহাদেৱ বিশ্বাসে বালি আৰু শিল লোডিং কৰা ট্ৰাকত শ্ৰমিক হিচাপে কৰ্মৰত ৷

মহাদেৱে প্ৰায় ছয় বছৰৰ পূৰ্বে ৰীণা বিশ্বাসৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তানো আছে। বিয়াৰ পিচৰে পৰা দুয়োৰে মাজত সঘনাই কাজিয়াৰ আৰম্ভ হৈছিল। মহাদেৱে পত্নীক অন্য পুৰুষৰ সৈতে সম্বন্ধ থকা বুলি সন্দেহ কৰিছিল ৷ ইয়াৰে মাজতে যোৱা 13 নৱেম্বৰৰ পৰা ৰীণা হঠাতে নিখোঁজ হৈ আছিল ৷

লগে লগে উৰাবাতৰি ওলাইছিল যে ৰীণাৰ আন পুৰুষৰ সৈতে পলাই গৈছে ৷ তাৰ পিচতে স্বামী মহাদেৱে বাগডোগ্ৰা আৰক্ষী থানাত পত্নী সন্ধানহীন হৈ থকাৰ অভিযোগ দাখিল কৰিছিল। কিন্তু ৰীণাৰ পৰিয়ালৰ লোকে ৰীণা নিৰুদ্দেশ হোৱাৰ কথাটো মানি ল'ব পৰা নাছিল ৷ পৰৱৰ্তী সময়ত ৰীণাৰ ভাতৃয়ে মহাদেৱৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত ভগ্নীক হত্যা কৰা বুলি এক গোচৰ ৰুজু কৰিছিল ।

তাৰ পিচতে আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত মহাদেৱক সোধা পোছাৰ বাবে জিম্মাত লৈছিল ৷ আৰক্ষীৰ জেৰাত স্বামী মহাদেৱে পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ জেৰাৰ সময়ত স্বামীৰ স্বীকাৰোক্তি অনুসৰি বাগডোগ্ৰা আৰক্ষী আৰক্ষীয়ে দেওবাৰে ত্ৰিহানা চাহ বাগিচা অঞ্চলৰ অৰণ্যৰ পৰা এটা নৰকংকাল উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে কংকালটোৰ পৰা অলংকাৰ উদ্ধাৰ কৰে ৷ এই অলংকাৰ আৰক্ষীয়ে ৰীণাৰ পৰিয়ালৰ লোকক দেখুৱাওতে এই নৰকংকালটো ৰীণাৰ বুলি নিশ্চিত কৰে ৷

অভিযুক্ত স্বামীয়ে কোৱা অনুসৰি, প্ৰথমে তেওঁ পত্নীক শ্বাসৰুদ্ধ কৰিছিল আৰু পিচত কংকালটো উদ্ধাৰ কৰা ঠাইত নিশাৰ আন্ধাৰত পত্নীৰ মৃতদেহটো পেলাই থৈ আহিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে উদ্ধাৰ হোৱা কংকালটো ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ কংকালটো মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:সামান্য কথাতে ভগ্নী আৰু ভগ্নীৰ স্বামীক হত্যা কৰিলে ভাতৃয়ে

ABOUT THE AUTHOR

...view details